অসম

assam

ETV Bharat / state

শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভূমি ৰাজহ শিবিৰ - ভূমি ৰাজহ শিৱিৰ

শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷

ভূমি ৰাজহ শিৱিৰ

By

Published : May 20, 2019, 2:27 PM IST

শিৱসাগৰ, 20 মে':শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে এক বিশেষ ভূমি ৰাজহ শিবিৰ অনুষ্ঠিত হয় ৷ শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰা হয় ৷

ভূমি ৰাজহ শিৱিৰ
বিগত 10 বছৰ ধৰি যি সকল লোকে ভূমি ৰাজহ প্ৰদান কৰা নাই সেই সকলক চৰকাৰী জাননী প্ৰেৰণ কৰি,আজি অনুষ্ঠিত ৰাজহ শিবিৰত ৰাজহ প্ৰদানৰ এক বিশেষ সুবিধা প্ৰদান কৰা হয় ৷ ইয়াৰ লগতে বিভিন্ন ভূমি বিবাদ অথবা বন্দোবস্তিৰ আবেদন গ্ৰহণৰ এক ৰাজহুৱা ব্যৱস্থাও কৰা হয় যাতে ভূমি বিষয়ক সমস্যা নিস্পত্তিৰ বাবে ৰাইজে আবেদন কৰিব পাৰে ৷ উল্লেখ্য যে শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচ মৌজাৰ সহস্ৰাধিক লোকে আজি আনুষ্ঠিত এই শিবিৰত অংশ গ্ৰহণ কৰি ৰাজহ আদায়ৰ লগতে আন বিষয় নিস্পত্তিৰ শিতানত চক্ৰ বিষয়াৰ কাৰ্যালয়ে আগবঢ়োৱা সুবিধাৰ গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details