শিৱসাগৰ,৯ এপ্ৰিলঃ মঙলবাৰে আমগুৰি বাঘজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি । শ্ৰমিক আৰু বাগানৰ মালিক সন্থাৰ মাজত সংঘাতপূৰ্ণ অৱস্থাৰ সৃষ্টি হয় । শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানত বাগিচাৰ পৰিচালকে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগত বাগানখনৰ শ শ শ্ৰমিকে বাঘজান মন্দিৰ লাইনত সমবেত হয় আৰু সমস্যা সমাধানৰ দাবীত সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখে বাগানৰ কাম-কাজ ।
আমগুৰি বাঘজান চাহ বাগিছাত উত্তেজনা
আমগুৰিত চাহ বাগিছাৰ শ্ৰমিক আৰু বাগান কৰ্তৃপক্ষৰ মাজত সংঘাত । সমস্যা সমাধানৰ দাবীত শ শ শ্ৰমিকে কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
আমগুৰি বাঘজান চাহ বাগানত উত্তেজনা
ইয়াৰোপৰি বাগিচাৰ পৰিয়াল সমূহৰ শৌচাগাৰ চাফা নকৰিলে বাগিচাত গৰু -ছাগলী সোমালে শ্ৰমিকৰ পৰা ৬০০ টকাকৈ ফাইন লোৱাৰ দৰে অভিযোগো উত্থাপন কৰিছে শ্ৰমিকসকলে ।