অসম

assam

ETV Bharat / state

অ এন জিচিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা - অসম নিউজ

উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পে'ট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ প্ৰতিবাদতে মংগলবাৰে নাজিৰাৰ অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট

অএনজিচি মুখ্যকাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী

By

Published : May 27, 2019, 7:48 PM IST

শিৱসাগৰ, 27 মে': শিৱসাগৰৰ নাজিৰাত অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্ণা কাৰ্যসূচী ৷ অ এন জিচি অসম সম্পদৰ অতি লাভজনক গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰৰ বিৰোধিতা কৰিয়ে ধৰ্ণা কাৰ্যসূচী হাতত লয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ৷ উল্লেখ্য যে, উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপি নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পে'ট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ প্ৰতিবাদতে মংগলবাৰে নাজিৰাৰ অ এন জিচি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অ এন জিচিৰ অসম সম্পদৰ মুঠ উৎপাদনৰ ৫০% খাৰুৱা তেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ কিন্তু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া ন'হব বুলি দাবী তোলে প্ৰতিবাদকাৰী সকলে ৷

অএনজিচি মুখ্যকাৰ্য্যালয়ৰ সন্মুখত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী
প্ৰতিবাদকাৰী সকলে পে'ট্ৰলিয়াম মন্ত্ৰী হায় হায়, শ্লামবাজাৰ গ' বেক, অসমৰ তৈল সম্পদ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰিবলৈ দিয়া ন'হব, অসমৰ সম্পদক লৈ হেতালি খেলিবলৈ দিয়া ন'হব, অসমৰ সম্পদৰ অধিকাৰ অসমত থাকিব লাগিব আদি শ্লো'গানেৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ABOUT THE AUTHOR

...view details