অসম

assam

ETV Bharat / state

আমগুৰিত হাজাৰ হাজাৰ লিটাৰ দেশীয় সুৰা নষ্ট কৰিলে আবকাৰী বিভাগে - Sivsagar, Amguri

মানুহৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰে একাংশ অবৈধ সুৰা ব্যৱসায়ীয়ে । শিৱসাগৰৰ আমগুৰিত দেশীয় সুৰা প্ৰস্তুত কৰাৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ ! জংঘলত, পানীৰ মাজত অস্বাস্থ্যকৰ পৰিৱেশত সুৰা প্ৰস্তুত কৰি বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে ।

Illegal liquor destroyed at Amguri
আমগুৰিত হাজাৰ হাজাৰ লিটাৰ দেশীয় সুৰা নষ্ট কৰিলে আবকাৰী বিভাগে

By

Published : Aug 5, 2021, 10:47 AM IST

আমগুৰি, ৫ আগষ্ট: অবৈধ সুৰা ব্যৱসায়ীক নাকী লগোৱাৰ উদ্দেশ্যেৰে শিৱসাগৰৰ আমগুৰিৰ বিভিন্ন স্থানত আবকাৰী বিভাগে(Excise Department) ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । দেশীয় সুৰাৰ অবৈধ বেহা চলাই অহা কেইবাটাও ঘাটি উচ্ছেদ কৰে আবকাৰী বিভাগে । বৃহস্পতিবাৰেও কেইবাটাও স্থানত অভিযান চলোৱা হয় । আমগুৰিৰ হালোৱাটিং, জকাইপদুলি, হালোৱাটিং বজাৰ, পুলিবৰ, জেহেনিয়া, দেওৰজা আদি অঞ্চলত অভিযান চলাই ৮০০০ লিটাৰ লিটাৰ চুলাই পাছ নষ্ট কৰে অভিযানকাৰী দলটোৱে ।

আমগুৰিত হাজাৰ হাজাৰ লিটাৰ দেশীয় সুৰা নষ্ট কৰিলে আবকাৰী বিভাগে

শিৱসাগৰ জিলা আবকাৰী অধীক্ষকৰ নেতৃত্বত চলোৱা এই অভিযানত সুৰা প্ৰস্তুত কৰোঁতে ব্যৱহৃত বিভিন্ন সামগ্ৰীও জব্দ কৰা হয় । অস্বাস্থ্যকৰ পৰিৱেশত সুৰা প্ৰস্তুত কৰি একাংশ ব্যৱসায়ীয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে । আমগুৰিত জংঘলত, পানীৰ মাজত লুকুৱাই থোৱা কেইবা হাজাৰ লিটাৰ চুলাই পাছ আবকাৰী বিভাগে নষ্ট কৰে । উল্লেখ্য যে, ৰাজ্যৰ গ্ৰামাঞ্চলত কাঠফুলাৰ দৰে বৃদ্ধি পাইছে চুলাইৰ ঘাটি ।

আমগুৰিত হাজাৰ হাজাৰ লিটাৰ দেশীয় সুৰা নষ্ট কৰিলে আবকাৰী বিভাগে

ধন উপাৰ্জনৰ সহজ পন্থা অৱলম্বন কৰি গ্ৰামাঞ্চলত চুলাই ঘাটি স্থাপন কৰি একাংশ লোকে সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে । চুলাই সেৱনৰ ফলত স্বাস্থ্যৰ কিমান ক্ষতি হয় সেয়া সকলোৱে জানে ।

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চুলাই ঘাটি উচ্ছেদ কৰিবলৈ আবকাৰী আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যৰ বিভিন্ন জিলাত অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । ৰাজ্যৰ আন আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিতো আৰক্ষী আৰু আবকাৰী বিভাগে অব্যাহত ৰাখিছে চুলাই বিৰোধী অভিযান । আনহাতে, আবকাৰী বিভাগৰ অভিযান অব্যাহত থকাৰ পাছতো গা লৰা নাই একাংশ সুৰা ব্যৱসায়ীৰ ।

প্ৰশাসনে বাধা আৰোপ কৰাৰ পাছতো চলাই গৈছে দেশীয় সুৰাৰ অবৈধ বেহা । গ্ৰামাঞ্চলত গঢ়ি উঠা এনে চুলাই ঘাটিবোৰে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে । একাংশ সংগঠনেও এনে চুলাই ঘাটিৰ বিৰোধিতা কৰি আহিছে যদিও সম্পূৰ্ণৰূপে এই বেহা বন্ধ হোৱা নাই ।

লগতে পঢ়ক:উচ্ছেদ হ'ব নেকি ডুমডুমীয়া বালিসত্ৰ বজাৰ ?

ABOUT THE AUTHOR

...view details