শিৱসাগৰ,15 জুলাই: ১২২৮ খ্ৰীষ্টাব্দৰ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈ সুদীৰ্ঘ ৬০০ বছৰীয়া এক শাসনকাল । বিশ্ব ইতিহাসৰ অন্যতম এক দীঘলীয়া ৰাজত্ব । এই সময়ছোৱাত অসমত ৰাজত্ব কৰিছিল আহোমসকলে । সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চীনৰ পৰা প্ৰব্ৰজিত টাই আহোমসকলে । স্বৰ্গদেউ চাওলুং চুকাফাই চৰাইদেউত এই আহোম ৰাজত্বৰ পাতনি মেলিছিল । স্থাপন কৰিছিল প্ৰথমখন স্থায়ী ৰাজধানী । আহোম স্বৰ্গদেউসকলে চৰাইদেউত প্ৰায় ১৫০ বছৰীয়া শাসনৰ বাঘজৰী ধৰি ৰাখিছিল ।
চে-ৰায়-ডয় অৰ্থাৎ পৰ্বতৰ ওপৰত জিলিকা নগৰ । ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত প্ৰৱেশ কৰা চাওলুং চুকাফাৰ লগত চীনদেশৰ পৰা অহা টাই আহোমসকলে বিভিন্ন ঠাইত অস্থায়ী ৰাজধানী পাতি অৱশেষত চে-ৰায়-ডয় অথবা বৰ্তমানৰ চৰাইদেউত ১২৫৩ খ্ৰীষ্টাব্দত ৰাজধানী স্থাপন কৰে । চৰাইদেউ আছিল আহোম শাসনকালৰ প্ৰথম স্থায়ী ৰাজধানী । ঠাইখনৰ ভৌগোলিক স্থিতি, উৰ্বৰ কৃষিভূমি আদিৰ বাবে ৰাজধানীৰ হেতুকে উপযুক্ত স্থান আছিল চৰাইদেউ । চাৰিওফালে পাহাৰ তথা চাৰিখন নদীয়ে আগুৰি থকা চৰাইদেউ প্ৰাকৃতিকভাৱে শত্ৰুক প্ৰতিহত কৰিব পৰাৰ এক উপযুক্ত স্থান আছিল । এই চৰাইদেউ পাহাৰৰ টিঙত ঘোঁৰা বলি দি ৰাজধানী স্থাপন কৰিছিল চুকাফাই । পৰৱৰ্তী ১৫০ বছৰ চৰাইদেউ অসমৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ঠাই হৈ পৰিছিল । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগতে অসমৰ শাসন,শিল্প,সাহিত্য আৰু ভাস্কৰ্যৰ কেন্দ্র আছিল চৰাইদেউ ।
আহোম ৰাজত্বকালৰ প্ৰাৰম্ভিক সময়ৰ পৰা প্ৰায় ১৫০ বছৰকাল ৰাজধানী ৰূপে পৰিচিত চৰাইদেউত বৰ্তমান প্ৰায় ২৫০টা মৈদাম অৰ্থাৎ ৰজা অথবা ডা-ডাঙৰীয়াসকলৰ কবৰ সিঁচৰিত হৈ আছে । এইসমূহে এতিয়াও সোঁৱৰাই আছে আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউৰ গুৰুত্ব আৰু সেই সময়ৰ বিজ্ঞান-প্ৰযুক্তিৰ চানেকি । স্বৰ্গদেউসকলৰ মৃত্যুত মৈদামৰ স্থান নিৰ্ণয় কৰি শৱধোৱা পুখুৰীত মৃতদেহ ধুই কোঠালীযুক্ত মৈদামৰ ভিতৰত মৃতদেহটো ৰাখি মূল্যবান সা-সামগ্ৰীৰ লগতে স্বৰ্গদেৱে ব্যৱহাৰ কৰা সমলসমূহ ৰখা হয় ৷ পৰৱৰ্তী সময়ত এই মৃতদেহ ৰখা স্থানত অৰ্ধ গোলাকাৰ কৈ মাটিৰে ঢাকি দিয়া হয় । এনে শ শ মৈদাম বুকুত লৈ আজিও প্ৰাচ্যৰ পিৰামিড নগৰীৰূপে জিলিকি আছে চৰাইদেউ ।