অসম

assam

ETV Bharat / state

শিৱসাগৰত পতিয়ে ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পত্নীক

সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়াৰ বাবে পত্নীক ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পতিয়ে ৷ হত্যাকাৰী পতিৰ পিতৃয়ে স্বীকাৰ কৰিছে পত্নীক হত্যা কৰাৰ কথা ৷

By

Published : Aug 24, 2019, 9:13 PM IST

শিৱসাগৰত পতিয়ে ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পত্নীক

শিৱসাগৰ,24আগষ্টঃ শিৱসাগৰত লোমহৰ্ষক হত্যাকাণ্ড ৷ শিৱসাগৰৰ বকতা নেমুগুৰিৰ বৰপিয়াল হাবি গাঁৱত বৃহস্পতিবাৰে নিশা পাষাণ পতিৰ হাতত প্ৰাণ গ'ল পত্নীৰ ৷ প্ৰাপ্ত তথ্য মতে, সন্তানৰ কাপোৰক কেন্দ্ৰ কৰি সংঘটিত কাজিয়াৰ বাবে বীৰেন গোৱালা নামৰ লোকজনে পত্নীক ইটাৰে মূৰত মৰিয়াই পুখুৰীত পেলাই দিয়ে ৷ পাছত মৃত্যুঞ্জয় সেৱাৰে মহিলাগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত তেখেতৰ মৃত্যু হয় ৷ হত্যাকাৰী পতিৰ পিতৃয়ে ইতিমধ্যে পুত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বীৰেন গোৱালাক ৷

শিৱসাগৰত পতিয়ে ইটাৰে মূৰত মৰিয়াই হত্যা কৰিলে পত্নীক

ABOUT THE AUTHOR

...view details