অসম

assam

ETV Bharat / state

খোৱাঙত ডিমৌ নদীৰ বাঢ়নী পানীয়ে বুৰালে তিনিখনকৈ বিদ্যালয় - ডিমৌ নদী

তিনিওখন বিদ্যালয় বাঢ়নী পানীৰ কবলত পৰাৰ ফলত বিদ্যালয় কেইখনত অচলাৱস্থাৰ সৃষ্টি

খোৱাঙত ডিমৌ নদীৰ বাঢ়নী পানীয়ে বুৰালে তিনিখনকৈ বিদ্যালয়

By

Published : Aug 2, 2019, 12:00 AM IST

মৰাণ,1 আগষ্টঃ নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়িবলৈ ধৰা ডিমৌ নদীৰ পানীয়ে খোৱাঙত বুৰাই পেলাইছে তিনিখনকৈ বিদ্যালয় । খোৱাং পিথুবৰ স্নাতক মহিলা মহাবিদ্যালয়, ঘনকান্ত গগৈ কনিষ্ঠ মহাবিদ্যালয় আৰু এখন মহিলা ক্ৰীড়া বিদ্যালয় সম্প্ৰতি বাঢ়নী পানীৰ কবলত । ফলত বিদ্যালয় কেইখনত সৃষ্টি হৈছে এক অচলাৱস্থাৰ । ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকল বিদ্যালয়লৈ অহা-যোৱা কৰিব লগা হৈছে ভূৰ লৈ ।

ডিমৌ নদীৰ বাঢ়নী পানীয়ে বুৰালে তিনিখনকৈ বিদ্যালয়

ডিমৌ নদীৰ নিচেই কাষতে অৱস্থিত বিদ্যালয়কেইখন প্ৰতি বছৰে নদীখনৰ বাঢ়নী পানীৰ কবলত পৰে । বিদ্যালয় কেইখনৰ চৌহদৰ লগতে অহা যোৱা কৰা পথ কেইটাও বৰ্তমান পানীৰ তলত । বিপদ সংকুল ভাৱে কোনো মতে বিদ্যালয়লৈ গৈ শিক্ষাগ্ৰহণ কৰিছে ছাত্ৰী সকলে । ইফালে স্থানীয় জনপ্ৰতিনিধি সকলে বিদ্যালয় কেইখনৰ এই জটিল সমস্যাটোৰ বিষয়ে অৱগত হৈও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে বিদ্যালয়কেইখনৰ ছাত্ৰী সকলে । বিদ্যালয় কেইখনৰ চৌহদত ওখকৈ মাটি ভৰাই নিৰ্মাণ নকৰাৰ ফলতেই এই সমস্যা সৃষ্টি হ'বলৈ পাইছে বুলি অৱগত কৰে ছাত্ৰীসকলে । সেয়ে তেওঁলোকে স্থানীয় বিধায়কক ইয়াৰ এক ফলপ্ৰসূ কাৰ্যব্যৱস্থা ল'বলৈ দাবী জনাইছে।

ABOUT THE AUTHOR

...view details