শিৱসাগৰ, ২ ছেপ্টেম্বৰ :স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা ঐতিহাসিক তলাতল ঘৰ চৰকাৰী পক্ষৰ উদাসীনতাৰ বাবেই ক্ৰমাৎ ধ্বংসৰ মুখলৈ গতি কৰাৰ ঘটনাই শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Talatal Ghar heading towards destruction) ৷
জাতিৰ গৌৰৱ তথা বিশ্ব পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তলাতল ঘৰ ধ্বংসৰ মুখলৈ গতি কৰাক লৈ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ (Talatal Ghar of Shivsagar in big problem) ৷ বিশেষকৈ তলাতল ঘৰৰ দেৱালত বৃহৎ বৃহৎ ফাঁট মেলাৰ উপৰি দেৱালত ভেকুৰ গজাৰ ঘটনাই এতিয়া ৰাইজক ক্ষোভিত কৰিছে ৷ উল্লেখ্য যে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত শিৱসাগৰ পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবেই ঐতিহাসিক তলাতল ঘৰ ধ্বংসৰ গৰাহলৈ গতি কৰিছে (Historical Talatal Ghar in existential crisis) ।
ইফালে ভিতৰত বহু ঠাইত বৃহৎ বৃহৎ ফাঁটৰ লগতে ভিতৰৰ পৰা চালৰ তলৰ অংশটোত সেউজীয়া ৰঙৰ ভেকুৰ ধৰা পৰিলক্ষিত হৈছে । এই ভেকুৰসমূহে চালখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে । আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৭০০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা এই ঐতিহাসিক তলাতল ঘৰ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে এলাগী হৈ পৰিছে (Talatal Ghar become alienated)।