আহোম ৰাজত্বৰ ছশ বছৰীয়া দুস্প্ৰাপ্য পুথি উদ্ধাৰ - Sivsagar
শিৱসাগৰৰ আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথি উদ্ধাৰ ৷ দেওধাই গাঁওৰ শতায়ু গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগ ৷
শিৱসাগৰ,27 ছেপ্তেম্বৰঃ শিৱসাগৰৰ আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ মন্ত্ৰপুথি উদ্ধাৰ ৷ গাঁওখনৰ ধোৱাচাঙত আৱদ্ধ হৈ থকা আহোম ৰাজত্বৰ গুৰুত্বপূৰ্ণ পুথিবোৰৰ বাতৰি ইতিমধ্যেই প্ৰচাৰ হৈছে ইটিভি ভাৰতত ৷ এই বাতৰি সম্প্ৰচাৰৰ পিছতেই দেওধাই গাঁওৰ শতায়ু গৰকা হৰকান্ত ফুকনৰ বাসগৃহত উপস্থিত হ'ল আমগুৰি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ ছাত্ৰ-ছাত্ৰী সকল ৷ ছাত্ৰ-ছাত্ৰীসকলে বুৰঞ্জীৰ অনন্য সমল সম্বলিত মন্ত্ৰপুথিকে ধৰি, সাঁচিপতীয়া পুথি, তালপাতৰ পুথি, হস্তীবিদ্যাৰ্ণৱ পুথি, কাঠি বানচেং, বিষৰ মন্ত্ৰ পুথিকে ধৰি সাঁচিপাতৰ পুথি ইত্যাদি অধ্যয়ন কৰে ৷ ঐতিহাসিক সমলেৰে সম্পদশালী আমগুৰিৰ ঐতিহাসিক চাৰিং দেওধাই গাঁওত আজিও অব্যাহত টাই-আহোম পৰম্পৰাৰ চানেকি৷ পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা গাঁওখনত ইমানদিনে ধোৱাচাংত আৱদ্ধ হৈ আছিল ছশ বছৰীয়া দুস্প্ৰাপ্য পুথিসমুহ ৷ আহোম ৰাজত্বৰ ঐতিহাসিক সম্পদবিলাক ধোৱাচাঙৰ পৰা উদ্ধাৰ কৰি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় অথবা ৰাজ্যৰ পুৰাতত্ব বিভাগে সময় থাকোতেই সংৰক্ষণৰ ব্যৱস্থা নকৰিলে ঐতিহাসিক সম্পদসমুহ ধোৱাচাঙৰ ওপৰতে আৱদ্ধ হৈ ৰ'ব বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷