অসম

assam

ETV Bharat / state

আমগুৰিত গেছ পাইপ সংযোগৰ জৰীপ আৰম্ভ - AS10033

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কেইবাগৰাকী উদীয়মান ব্য়ক্তিৰ চেষ্টাত সমষ্টিটোত আৰম্ভ হৈছে গেছ পাইপ সংযোগৰ বাবে জৰীপৰ কাম । বৃহস্পতিবাৰে অসম গেছ কোম্পানীৰ কৰ্মচাৰী উপস্থিত হৈ আৰম্ভ কৰে জৰীপৰ কাম ।

আমগুৰিত গেছ পাইপ সংযোগৰ জৰীপ আৰম্ভ
আমগুৰিত গেছ পাইপ সংযোগৰ জৰীপ আৰম্ভ

By

Published : Feb 4, 2021, 3:03 PM IST

নিউজ ডেস্ক,৪ ফেব্ৰুৱাৰী:নিৰ্বাচনৰ প্ৰাকক্ষণত শিৱসাগৰৰ আমগুৰিবাসীৰ বাবে এক ভাল খবৰ । অতিশীঘ্ৰে আমগুৰিবাসীৰ ঘৰে ঘৰে গেছ পাইপ সংযোগ কৰা হ'ব । বৃহস্পতিবাৰৰ পৰা সমষ্টিটোত আৰম্ভ হৈছে গেছ পাইপৰ জৰীপৰ কাৰ্যসূচী । অসম গেছ কোম্পানীৰ অধীনৰ চাৰিজন কৰ্মচাৰী উপস্থিতহৈ আমগুৰি অঞ্চলত পাইপ গেছ যোগানৰ জৰীপ আৰম্ভ কৰিছে চলাইছে । লগে লগে অঞ্চলটোত উছাহ-উদ্দীপনাই বিৰাজ কৰিছে । সকলোৱে সমষ্টিটোৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিৰ শলাগ লোৱা দেখা গৈছে । কিয়নো বিধায়কগৰাকী আৰু অসম গেছ কোম্পানীৰ প্ৰাক্তন ব'ৰ্ড অৱ ডাইৰেক্টৰ দুলাল বৰুৱা, ড০ অনিল গগৈ, চিত্ৰ ৰঞ্জন গগৈ, অভিস্পীত শইকীয়া, দিগন্ত বৰুৱা, ৰবীন গগৈসহ কেইবাগৰাকী নাগৰিকে বিগত বছৰত আমগুৰি নগৰত ঘৰে ঘৰে গেছ যোগানৰ বাবে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল অসম গেছ কোম্পানীলৈ । যাৰ ফলস্বৰূপে কোম্পানীটোৰ কৰ্মচাৰীসকল উপস্থিত হৈ জৰীপৰ কাম আৰম্ভ কৰিছে সমষ্টিটোত ।

আমগুৰিত গেছ পাইপ সংযোগৰ জৰীপ আৰম্ভ

ইফালে এই সময়তে অসম গেছ কোম্পানীৰ প্ৰাক্তন ব'ৰ্ড অৱ ডাইৰেক্টৰ দুলাল বৰুৱাই সংবাদমাধ্য়মৰ সন্মুখত গেছ পাইপ সংযোগৰ জৰীপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য় কৰে । তেওঁৰ মতে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকাৰ পিছতো আমগুৰি পাইপ গেছ যোগানৰ পৰা বঞ্চিত হৈ আহিছিল । শিৱসাগৰ জিলাৰ প্ৰায়বোৰ নগৰতে পাইপ গেছ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত শেহতীয়াকৈ আমগুৰি নগৰতো পাইপ গেছ যোগানৰ প্ৰস্তুতি চলিছে । এই জৰীপত আমগুৰি নগৰ, ভূঞাহাট, চাৰিঙীয়া পুখুৰী, ম'ৰাবজাৰকে ধৰি এটা বৃহৎ অঞ্চলত জৰীপ কৰা হ'ব । দুলাল বৰুৱাই এই বিষয়ে সাংবাদিকৰ আগত কয় যে গ্ৰাহকৰ তালিকা লাভ কৰাৰ পাছতেই নিবিদাৰ জৰিয়তে পাইপ গেছ যোগানৰ কাম আৰম্ভ হ'ব । তেওঁলোকে আশা কৰিছে যে গেছ যোগানৰ দ্বাৰা আমগুৰিবাসীয়ে বহু সুবিধা লাভ কৰিব ।

লগতে পঢ়ক:দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীলৈ আৰ্থিক সাহাৰ্য সাংসদ তপন গগৈৰ

ABOUT THE AUTHOR

...view details