শিৱসাগৰ,16 জুলাই:ঐতিহাসিক শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে শিৱসাগৰ নগৰৰ পূৱ প্ৰৱেশ পথত দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ বিপৰীত দৃশ্য । নগৰৰ পূৱ প্ৰৱেশ পথৰ এক ডাম্পিং গ্ৰাউণ্ডে যেন নগৰখনৰ ঐতিহ্যত কালিমা হানিছে । এহাতে আহোম যুগৰ সমল আনহাতে নগৰৰ প্ৰৱেশ পথত জাৱৰৰ পাহাৰ ।
ঐতিহাসিক শিৱসাগৰ । আহোম যুগৰ ঐতিহাসিক সমলেৰে পৰিপূৰ্ণ শিৱসাগৰ অসমৰ মান আৰু মৰ্যাদাৰ প্ৰতীক। আহোমৰ পুৰণি ৰাজধানী ৰংপুৰ নগৰী তথা বৰ্তমানৰ শিৱসাগৰ পৰ্যটন নগৰীৰূপে গঢ় দিবলৈ বহু দিনৰ পৰা শিৱসাগৰৰ ৰাইজে দাবী উত্থাপন কৰি আহিছে । কিন্তু আহোমৰ ঐতিহ্য, সন্মান, সম্পদ বুকুত লৈ স্মৃতি বহন কৰি ৰখা শিৱসাগৰ যেন আজিও অৱহেলিত । এনে অৱহেলাৰ মাজত শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈৰ ৰাইজৰ হৈ দাবী আৰু চৰকাৰৰ সদিচ্ছাৰ বাবে শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰৰূপে প্ৰতিষ্ঠাৰ ঘোষণা হৈছে ।
কিন্তু, এনে সময়ত শিৱসাগৰ নগৰলৈ প্ৰৱেশ কৰা ডাম্পিং গ্ৰাউণ্ডে যেন চৰকাৰৰ এনে প্ৰয়াসত কালিমা হানিছে । নগৰখনত প্ৰৱেশ দুৱাৰত পৰ্যটকক নগৰলৈ আদৰণি জনাই এক পাহাৰসম জাৱৰৰ দ'মে । লগতে উশাহ চুটি কৰি দিয়ে ভয়ংকৰ দুৰ্গন্ধই । নগৰৰ দুৱাৰমুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা জাৱৰৰ এই পাহাৰে ৰংপুৰৰ মৰ্যদা যেন বহু লাঘৱ কৰিছে । দাঁতিকাষৰীয়া লোকে যাপন কৰিবলগা হৈছে এক দুৰ্বিসহ জীৱন ।