আমগুৰি, ২৭ মে’: শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰায় ১ কেজি ১৯৯ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ৷ হালোৱাটিং আৰক্ষীয়ে বৰছিলা নামতি বঙালী বস্তিৰ গণেশ ৰাজপুট নামৰ লোকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ পূৰ্বে গাঞ্জা ব্যৱসায়ী গণেশ ৰাজপুট পলায়ণ কৰিবলৈ সক্ষম হয় ।
হালোৱাটিঙত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ - Ganja Seized
নামতি বঙালী বস্তিৰ গণেশ ৰাজপুটে দীৰ্ঘদিন ধৰি বাসগৃহত গাঞ্জাৰ খেতি কৰি অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।
হালোৱাটিঙত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ
আৰক্ষীৰ এই অভিযানত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সদস্যই সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, নামতি বঙালী বস্তিৰ গণেশ ৰাজপুটে দীৰ্ঘদিন ধৰি বাসগৃহত গাঞ্জাৰ খেতি কৰি অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । বৰ্তমান হালোৱাটিং আৰক্ষীয়ে অভিযুক্ত গণেশ ৰাজপুটক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক :সাৰ্বভৌমত্ব অবিহনে আলোচনালৈ পৰেশ বৰুৱা !