অসম

assam

ETV Bharat / state

জয়সাগৰ আৰক্ষীৰ অভিযানত 4 টা বৰকাছ উদ্ধাৰ - বৰকাছ উদ্ধাৰ

জয়সাগৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ চাৰিটাকৈ বৰকাছ ৷ কাছ কেইটাৰ এটাৰ ওজন প্ৰায় ১২ কেজি, এটাৰ ওজন ৯ কেজি আৰু দুটাৰ ওজন প্ৰায় ৬ কেজি ৷ ঘটনা সন্দৰ্ভত বাবু দাস নামৰ এজনক আটক ৷

four-turtle-recover-operation-of-jaisagar-police
জয়সাগৰ আৰক্ষীৰ অভিযানত 4 টা বৰ কাছ উদ্ধাৰ

By

Published : Jun 4, 2021, 9:41 PM IST

শিৱসাগৰ, 4 জুন: শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষীৰ অভিযানত চাৰিটাকৈ বৰকাছ উদ্ধাৰ ৷ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিস্মান ফুকনৰ নেতৃত্বত শুকুৰবাৰে সন্ধিয়া শিলা সাঁকো অঞ্চলত চলোৱা অভিযানটোত এটা চোৰাং ব্যৱসায়ীৰ জিম্মাৰ পৰা ৪ টাকৈ বিৰল প্ৰজাতিৰ প্ৰকাণ্ড বৰকাছ উদ্ধাৰ কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জয়সাগৰ আৰক্ষীৰ অভিযানত 4 টা বৰকাছ উদ্ধাৰ

ভটীয়াপাৰ শিলা সাঁকোৰ নিৱাসী খগেন দাস নামৰ ব্যক্তিজনৰ গৃহত এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীয়ে বৃহৎ আকাৰৰ কেৰাহীত জীয়াই থোৱা অৱস্থাত বৰকাছ কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী আৰক্ষীৰ দলটোৱে বৰকাছ সৰবৰাহ তথা মজুত ৰখাৰ অভিযোগত বাবু দাস নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে জয়সাগৰ আৰক্ষী চকীত ৰখা কাছ কেইটাৰ ভিতৰত এটাৰ ওজন প্ৰায় ১২ কেজি, এটাৰ ওজন ৯ কেজি আৰু দুটাৰ ওজন প্ৰায় ৬ কেজি ৷ বিগত কেইবাদিনো ধৰি এনে প্ৰক্ৰিয়াৰে বিলুপ্তপ্ৰায় বৰকাছ ধৰি গোপনে ৰমৰমীয়া বেহা চলাই অহাৰ সন্দৰ্ভত তথ্য লাভ কৰিয়েই আৰক্ষীয়ে চলাইছিল উক্ত অভিযান ৷

লগতে পঢ়ক:বেকাজানত বজাৰ গৃহতে চলিছে আৰক্ষী চকীৰ কাম-কাজ

ABOUT THE AUTHOR

...view details