শিৱসাগৰ, 26 মে': শিৱসাগৰৰ জিলাৰ জাঁজী বলমীয়া গাঁওৰ এগৰাকী বাঁহী শিল্পী তনুশ্যাম শইকীয়াৰ দুৰ্দশা ৷ আৰ্থিক দুৰৱস্থাৰ বাবেই বাঁহী শিল্পক আগবঢ়াই নিয়াত অসুবিধাৰ সন্মুখীন হৈছে অসমৰ লগতে দেশ বিদেশৰ নামজ্বলা বাহীবাদকৰ পৰিচিত এই গৰাকী শিল্পী তনুশ্যাম শইকীয়া ৷ আনকি অস্কাৰৰ বাবে মনোনীত "ওৱান লিটল ফিংগাৰ" ছবিত তনুশ্যাম শইকীয়াৰ বাঁহী ব্যৱহাৰ কৰিছিল আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক ভৰত হাজৰিকাই ৷ কেৱল ইমানেই নহয় প্ৰখ্যাত বাহীবাদক গৌৰীশংকৰ গগৈয়ে তনুশ্যাম শইকীয়াৰ বাঁহীৰে বাঁহীবাদন কৰি নালন্দা বিশ্ববিদ্যালয়ত গঢ়িছিল ৰেকৰ্ড ৷ ইয়াৰ উপৰিও বাঁহীবাদক দীপক শৰ্মাক সাতটা বাঁহী প্ৰদান কৰাৰ লগতে চেন্নাই, মণিপুৰ আদিলৈও অৰ্ডাৰ অনুসৰি বাঁহী যোগান ধৰি আহিছে শিল্পী তনুশ্যাম শইকীয়াই ৷
বাঁহী শিল্পী তনুশ্যাম শইকীয়াৰ দুৰ্দশাঃ চৰকাৰলৈ সহায়ৰ আহ্বান - আৰ্থিক দুৰৱস্থাৰ বাবেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে তনুশ্যাম শইকীয়া
আৰ্থিক দুৰৱস্থাৰ বাবেই বাঁহী শিল্পক আগবঢ়াই নিয়াত অসুবিধাৰ সন্মুখীন হৈছে অসমৰ লগতে দেশ বিদেশৰ নামজ্বলা বাহীবাদকৰ পৰিচিত এই গৰাকী শিল্পী তনুশ্যাম শইকীয়া ৷ অস্কাৰৰ বাবে মনোনীত "ওৱান লিটল ফিংগাৰ" ছবিত তনুশ্যাম শইকীয়াৰ বাঁহী ব্যৱহাৰ কৰিছিল আন্তঃৰাষ্ট্ৰীয় বাঁহী বাদক ভৰত হাজৰিকাই ৷
বাঁহী শিল্পী তনুশ্যাম শইকীয়াৰ দুৰ্দশা
উল্লেখ্য যে, ১৯৯৭ চনৰেপৰা শিল্পী গৰাকী বাঁহী শিল্পৰ লগত জড়িত হৈ আহিছে যদিও আৰ্থিক দুৰৱস্থাৰ বাবেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে শিল্পী গৰাকীৰ পৰিয়ালটো ৷ তথাপি আজিলৈ কোনো চৰকাৰী সাহাৰ্য লাভ কৰা নাই শিল্পী গৰাকীয়ে ৷ যাৰ বাবে চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে শিল্পী গৰাকীৰ পত্নীয়ে ৷ কেৱল আৰ্থিক দুৰৱস্থাৰ বাবেই যেন নিজৰ প্ৰতিভাৰ জোখাৰে আগুৱাই যাব পৰা নাই এই গৰাকী শিল্পী ৷
লগতে পঢ়কঃ