অসম

assam

ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম পুৱাৰ দিখৌমুখৰ এক মনোমোহা দৃশ্য - বিউটি দত্ত

দিখৌ,দৰিকা আৰু ব্ৰক্ষ্মপুত্ৰৰ ত্ৰিবেণী সংগমস্থল দিখৌমুখ । টুলুঙা নাৱেৰে বঠা মাৰি মাৰি ঘৰমুখী হোৱা নাৱৰীয়াজনে কৈ যায় বহু কথা। ৰান্ধনী বেলিটো লুইতত ডুব যোৱাৰ সেন্দুৰীয়া মূহুৰ্তটো কোনো কবিকেই ব্যাকুল নকৰাকৈ নাথাকে। চাওঁক আমাৰ এই প্ৰতিবেদন ৷

dikhowmukh
দিখৌমুখৰ এক মনোমোহা দৃশ্য

By

Published : Jan 1, 2020, 10:09 AM IST

আমগুৰি, 1 জানুৱাৰীঃনৱবৰ্ষৰ প্ৰথমটো ৰৌদ্দোজ্বল পুৱা আৰু শিৱসাগৰ জিলাৰ দিখৌমুখৰ এটি সুন্দৰ দৃশ্য ৷ শস্য শ্যামলা দিখৌমুখ | ইতিহাস প্ৰসিদ্ধ দিখৌমুখ এতিয়া শাক পাচলিৰে উভৈনদী হৈ পৰিছে | চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া | অপৰূপ সৌন্দৰ্যৰে সৰিয়হৰ হালধীয়া দলিচাত প্ৰাণ পাই উঠিছে দিখৌমুখ।

দিখৌমুখৰ এক মনোমোহা দৃশ্য

এই দিখৌমুখতে কঠোৰ সাধনাৰে দিখৌৰ উৰ্বৰা চাপৰি শস্য শ্যামলা কৰিছে এগৰাকী মহিলাই ৷ নাম, বিউটি দত্ত ৷ এইগৰাকী মহিলাই দিখৌৰ চাপৰিত ৰবি শস্যৰ খেতি কৰিছে একক প্ৰচেষ্টাৰে | নিজৰ লগতে সংস্থাপনৰ বাট দেখুৱাইছে আন বহুজনক ৷ নিজে ট্ৰেক্টৰ চলাই,নাঙল টানি ৰবি শস্যৰ বাবে কপালৰ ঘাম মাটিত পেলাই খেতি কৰাৰ লগতে আদৰ্শ দেখুৱাইছে বহুজনক ৷ ৰাজপথত হাজাৰ হাজাৰ ৰাইজে কা বিৰোধী সংগ্ৰাম অব্যাহত ৰখাৰ সময়তে বিউটি দত্তৰ এই কঠোৰ সংগ্ৰামো বহুজনৰ বাবে জাতিৰক্ষাৰ আন এক প্ৰেৰণা হ'ব পাৰে ৷

নৱবৰ্ষৰ প্ৰথম পুৱাৰ দিখৌমুখৰ এক মনোমোহা দৃশ্য

লগতে পঢ়ক - ইটিভি ভাৰতৰ জৰিয়তে ৰাজ্যবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা মন্ত্ৰীবৰ্গৰ

ABOUT THE AUTHOR

...view details