শিৱসাগৰ,22 অক্টোবৰ:এগৰাকী ব্যক্তিৰ এটা ফেচবুক পোষ্টে সৃষ্টি কৰিছে বিতৰ্কৰ ৷ শিৱসাগৰৰসোণাৰিৰ নিপন শইকীয়া নামৰ ব্যক্তিজনে কিছুদিন পূৰ্বে এক সাম্প্ৰদায়িক মন্তব্যৰে সামাজিক মাধ্য়ম ফেচবুকত আপলোড কৰিছিল এক পোষ্ট ৷ এই পোষ্ট প্ৰকাশৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উক্ত ফেচবুক পোষ্টটোত ব্যক্তিজনে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক মন্তব্য কৰিছিল ।
আহোমৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য: এজাহাৰ দাখিল - আহোম জাতীয় গণ মঞ্চ
বিতৰ্কিত সাম্প্ৰদায়িক ফেচবুক পোষ্টৰ বিৰুদ্ধে সৰৱ আহোম জাতীয় গণ মঞ্চ ।এজাহাৰ দাখিল। শিৱসাগৰৰ সোণাৰিৰ নিপন শইকীয়া নামৰ ব্যক্তিজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ ৷
সম্প্ৰতি এই ফেচবুক পোষ্টৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আহোম সম্প্ৰদায়ৰ লোকসকলৰ লগতে আহোম জনগোষ্ঠীয় সংগঠনসমূহ । শেহতীয়াকৈ আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰি সদৰ আৰক্ষী থানাত এইজন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । আহোম জাতীয় গণ মঞ্চৰ কৰ্মকৰ্তাসকলে শীঘ্ৰে সমাজত এনেধৰণে সামাজিক মাধ্য়মৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব খোজা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰক্ষীক ।
লগতে চাওকঃডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক