অসম

assam

ETV Bharat / state

অপহৃত প্ৰণৱ গগৈৰ মাতৃ-পত্নীৰ কাতৰ আহ্বান - Quipo oil company

ডায়ুনৰ দুই তৈল বিষয়াৰ অপহৰণৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আহ্বান জনাই এনেদৰে,"তেওঁলোক সাধাৰণ মানুহ, তেওঁলোকক ধৰি ৰাখি বিশেষ একো লাভ নহ'ব, দুয়োজনকে এৰি দিব লাগে"৷ বিষয়া দুগৰাকীৰ মুক্তিৰ বিষয় সন্দৰ্ভত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ এই বিষয়ত কোম্পানী আৰু চৰকাৰে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ লক্ষণীয় হ’ব ৷

Family of pranab gogoi request to government to free oil officer of sivsagar assam etv bharat news
অপহৃত প্ৰণৱ গগৈৰ মাতৃ-পত্নীৰ কাতৰ আহ্বান

By

Published : Feb 9, 2021, 2:09 PM IST

শিৱসাগৰ,9 ফেব্ৰুৱাৰী:অৰুণাচলৰ ডায়ুনৰ দুই তৈল বিষয়াৰ অপহৰণ কাণ্ডই অতিক্ৰম কৰিলে প্ৰায় ডেৰ মাহ ৷ বিগত বৰ্ষৰ 21 ডিচেম্বৰত ডায়ুনৰ পৰা আলফা স্বাধীনে অপহৰণ কৰি নিয়া দুয়োগৰাকী বিষয়াৰ আজিকোপতি সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে ৷ এটা 15 জনীয়া অচিনাক্ত অস্ত্ৰধাৰী যুৱকৰ দলে অপহৰণ কৰিছিল বিষয়া দুগৰাকীক ৷ উল্লেখ্য যে, দুয়োগৰাকী বিষয়া ডায়ুনৰ খুমচাই খা অঞ্চলৰ কুইপ’ নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানত অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰিছিল অস্ত্ৰধাৰী দলটোৱে ৷ ইতিমধ্যে দুয়োগৰাকী বিষয়াৰ মুক্তিপণ বিচাৰি চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছে আলফা স্বাধীনে ৷ সংগঠনটোৱে বান্ধি দিয়া সময়ৰ ভিতৰত মুক্তিপণ লাভ নকৰিলে অথবা চৰকাৰৰ তৰফৰ পৰা এইক্ষেত্ৰত কোনো সহায় লাভ নকৰিলে বিষয়া দুগৰাকীক হত্যা কৰাৰো হুংকাৰ প্ৰদান কৰিছে আলফা স্বাধীনে ৷

অপহৃত প্ৰণৱ গগৈৰ মাতৃৰ আহ্বান

আনহাতে, বিষয়া দুগৰাকীৰ মুক্তিৰ বিষয় সন্দৰ্ভত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ শিৱসাগৰৰ হাবিৰাম বড়া পথৰ নিবাসী প্ৰণৱ গগৈৰ পত্নী আৰু মাতৃয়ে এই বিষয়ত উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ৷

অপহৃত প্ৰণৱ গগৈৰ পত্নীৰ আহ্বান

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক আহ্বান জনাই এনেদৰে,"তেওঁলোক সাধাৰণ মানুহ, তেওঁলোকক ধৰি ৰাখি বিশেষ একো লাভ নহ'ব, দুয়োজনকে এৰি দিব লাগে"৷ উক্ত অপহৰণৰ ঘটনাই 48 দিন পাৰ কৰাৰ পিছতো ৰাজ্য চৰকাৰ তথা খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে কোনো যথাযথ পদক্ষেপ গ্ৰহণ নকৰাত ৰহস্যৰ সৃষ্টি হৈছে ৷ তদুপৰি 16 ফেব্ৰুৱাৰীৰ ভিতৰত বিষয়া দুগৰাকীৰ অপহৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট কোম্পানী তথা চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আলফা স্বাধীনে নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰাত বাৰুকৈয়ে চিন্তাত পৰিছে পৰিয়ালবৰ্গ ৷ গতিকে এই বিষয়ত কোম্পানী আৰু চৰকাৰে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ লক্ষণীয় হ’ব ৷

লগতে চাওকঃকৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুর্ঘটনা: নিহত 3জন

ABOUT THE AUTHOR

...view details