শিৱসাগৰ , 6 এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচন আৰু বিহুৰ প্ৰাকক্ষণত শিৱসাগৰৰ নৈপৰীয়া গাঁৱবাসীৰ নিদ্ৰাহৰণ কৰিছে এজাক বন্যহস্তীয়ে ৷ ডিমৌৰ দিহিং নদীৰ সমীপৰ দিহিংমুখ লাচন গাঁৱত বিগত দুদিন ধৰি শতাধিক সংখ্যক বন্যহস্তীয়ে জনাঞ্চলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ৷
শিৱসাগৰত বন্যহস্তীৰ সন্ত্ৰাসঃ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ - বন্যহস্তী
ডিমৌৰ দিহিং নদীৰ সমীপৰ দিহিংমুখ লাচন গাঁৱত বিগত দুদিন ধৰি শতাধিক সংখ্যক বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে ৷ বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গাঁৱবাসীৰ
শিৱসাগৰত বন্যহস্তীৰ সন্ত্ৰাস
বন্যহস্তীৰ ত্ৰাসৰ ফলত এতিয়া দিনে নিশাই দিহিংমুখবাসীয়ে মথাউৰিৰ ওপৰত পহৰা দিবলগীয়া হৈছে ৷ কিয়নো এনেসময়ত গাঁও সমূহত বন্যহস্তীৰ দলটো প্ৰৱেশ কৰিলে গাঁৱবাসীৰ ঘৰ-ভঁৰাল বিনস্ত কৰাৰ আশংকা প্ৰকাশ কৰে গাঁৱবাসীয়ে ৷ ইপিনে বন বিভাগৰ দলে মথাউৰিৰ পৰাই হাতী নিৰীক্ষণ কৰাৰ বাহিৰে হাতীৰ জাকটো উভতাই পঠিওৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে গাঁৱবাসীয়ে ৷