অসম

assam

ETV Bharat / state

আজি ঈদ-উল-ফিতৰঃ ইবাদতখানাত বিশ্ব মংগলৰ দোৱা

শিৱসাগৰ জিলাৰ বিভিন্ন ঈদগাহত ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা প্ৰদান কৰে ৷

ইবাদতখানাত বিশ্ব মংগলৰ দোৱা

By

Published : Jun 5, 2019, 1:12 PM IST

শিৱসাগৰ, 05 জুন:পৱিত্ৰ ৰমজান মাহৰ উপবাসৰ অন্তত আজি চাৱল মাহৰ প্ৰথম তাৰিখত সমগ্ৰ বিশ্ববাসীৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে ঈদ-উল-ফিতৰ ৷ আজি শিৱসাগৰ জিলাৰ বিভিন্ন ঈদগাহত ইছলাম ধৰ্মী লোকসকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা প্ৰদান কৰে ৷

ইবাদতখানাত বিশ্ব মংগলৰ দোৱা

আজিৰে পৰা অন্ত পৰিল ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপবাস ৷ আকাশত চন্দ্ৰ মাহৰ জোন দেখাৰ লগে লগে শেষ হ'ল ৰমজান মাহ ৷ আৰম্ভ হ'ল চাৱল মাহৰ ৷ চাৱলৰ পহিলা দিনটোতে ইছলামধৰ্মী লোসকলে তেওঁলোকৰ ইবাদত গৃহত সমূহীয়া নামাজ পঢ়ি সকলোৰে কুশল কামনা কৰে ৷ ৰমজান মাহৰ ধৈৰ্য আৰু সংযমৰ ফল সহনশীলতাক সম্পদ কৰি লৈ বিশ্বপ্ৰেম আৰু ঐক্যৰ বাণী কঢ়িয়াই ঈদ-উল-ফিতৰে ৷ ঈদ-উল-ফিতৰ উপলক্ষে আজি ৰংঘৰ চাৰিআলী,দৰবাৰ খেলপথাৰ,জেঙনিকটীয়া,ষ্টেচন চাৰিআলি আদি বিভিন্ন স্থানত ঈদৰ নামাজ সম্পন্ন কৰা হয় ৷ সকলোৱে একত্ৰিত হৈ আল্লাহ ৰছুলৰ ইবাদত কৰি বিশ্ব শান্তিৰ দোৱা কৰে ৷

ABOUT THE AUTHOR

...view details