অসম

assam

By

Published : Jan 27, 2021, 9:02 PM IST

ETV Bharat / state

শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধাবাৰে শিৱসাগৰত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা তথা স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে আয়োজন কৰা সভাত স্বয়ম আচঁনিৰ অধীনত কেইবাকুৰি যুৱক যুৱতীক প্ৰথম কিস্তিত 30 টকাকৈ চেক প্ৰদান কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷

dr-himanta-biswas-sharma-launched-the-swayam-scheme-at-sivasagar
শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই

শিৱসাগৰ, 27 জানুৱাৰী : বুধাবাৰে শিৱসাগৰত স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা তথা স্বয়ম আঁচনি শুভাৰম্ভ কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই উপলক্ষে শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত এখন সভাৰ আয়োজন কৰা হয় ৷

উক্ত সভাতে এই আচঁনিৰ অধীনত কেইবাকুৰি যুৱক যুৱতীক প্ৰথম কিস্তিত 30 হাজাৰ টকাকৈ চেক প্ৰদান কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷ 1000 কোটি টকা আঁচনিখনৰ অধীনত শিৱসাগৰ জিলাৰ মুঠ ৯,৪২৩ গৰাকী হিতাধিকাৰীৰ মাজত প্ৰথম কিস্তিৰ 30 হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব ৷

শিৱসাগৰত স্বয়ম আঁচনি শুভাৰম্ভ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে, ৫ ফেব্ৰুৱাৰীত অসমৰ ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীক শিক্ষাকে ধৰি বিভিন্ন বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে বিগত ১৫-২০ বছৰ ধৰি শিৱসাগৰ জিলাৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষককে ধৰি ৰাজ্যৰ প্ৰায় ৮ হাজাৰ শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব বুলি বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজিৰ সভাত ঘোষণা কৰে ৷ ৩০ জানুৱাৰীত খানাপাৰাত শিক্ষক সকলৰ নিয়মীয়াকৰণৰ নিযুক্তি পত্ৰ প্ৰদান হ'ব ৷

ইফালে, সভাৰ শেষত সাংবাদিকক সম্বোধন কৰি গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ড৹ শৰ্মাই ৷ তেওঁ কয়, তিনি গগৈ লগ হ'লেও আগন্তুক নিৰ্বাচনত কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে ৷ আমাৰ দলত লাখ লাখ গগৈ আছে বুলিও ধেমেলীয়া সূৰতে ড৹ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰত্যাহ্বান মূলক মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে, কেইদিনমান পূৰ্বে আগন্তুক নিৰ্বাচনত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এক লগ হ'ব লাগে বুলি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এক মন্তব্য প্ৰকাশ কৰিছিল ৷

সভাত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈ আৰু আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকে ৷

লগতে পঢ়ক: অপহৃত বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা ল’ব আলফা(স্বা)ই

ABOUT THE AUTHOR

...view details