আমগুৰি,১৭ মাৰ্চঃশিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰত উদ্ধাৰ হৈছে ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি । আতন বুঢ়াগোঁহাইৰ অনুৰোধত ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি যোৱা কেইবাশতিকা ধৰি সংৰক্ষণ কৰি ৰখা হৈছে আদ্য দেওপানী গজলা সত্ৰত । ৰমানন্দ দ্বিজে সাঁচিপাতত লিখা এই শংকৰ চৰিত পুথি কোনো সত্ৰত বৰ্তমান পাবলৈ নাই । গুৰুত্বপূৰ্ণ বিষয় যে,সংৰক্ষণৰ অভাৱত এই পুথি নষ্ট হ'বলৈ আৰম্ভ কৰিছে ।
বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগক নেওচি সত্ৰখনে পুথিখন সংৰক্ষণ কৰি ৰাখিছে যদিয়ো পুথিখনিৰ অধিকাংশ পাত ঘূণ তথা কীট-পতংগই কুটি নষ্ট কৰিছে । ৰমানন্দ দ্বিজে সত্ৰখনলৈ আগবঢ়োৱা এই "শংকৰ চৰিত" পুথিখন বিৰল যদিয়ো এনেদৰে কীট-পতংগই কুটি নষ্ট কৰাৰ পিছত ৰাজ্যৰ পুৰাতত্ব বিভাগটোৱে উপযুক্ত গুৰুত্ব প্ৰদান নকৰা বিষয়টো যথেষ্ঠ তাৎপৰ্যপূৰ্ণ । ইয়াৰোপৰি সত্ৰখনত ২৫০খনৰো অধিক সাঁচিপতীয়া পুথি আৰু তুলাপাতৰ পুথি আছে । ঐতিহাসিক প্ৰমূল্যৰে ভৰপুৰ আৰু চহকী এই সত্ৰত পুথি সংৰক্ষণৰ কাৰণে এটি সংগ্ৰহালয়ৰ দৰকাৰ ৷ কিন্তু সংশ্লিষ্ট বিভাগৰ গুৰুত্বহীনতাৰ ফলত বহু আপুৰুগীয়া পুথি নষ্ট হৈ যাবলৈ আৰম্ভ কৰিছে ।
উল্লেখ্য যে,অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ এই সত্ৰসমূহ । ইষ্ট দেৱতাক উপাসনা কৰা,ধৰ্মীয় তত্ত্ব চৰ্চা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ মূল লক্ষ্য ৷ ধৰ্মচৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত,সত্ৰীয়া নৃত্য,চালি নৃত্য,ঝুমুৰা নৃত্য,দশাৱতাৰ নৃত্য আদিৰ চৰ্চাস্থলী । সত্ৰসমূহ হৈছে পুৰণি পুথি-পাঁজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ একো একোটা ভঁৰাল ৷ উল্লেখ্য যে,শিৱসাগৰৰ ঐতিহাসিক এখন সত্ৰ হৈছে শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰ । মহাপুৰুষীয়া কাল সংহতি পন্থৰ সত্ৰানুষ্ঠান এই সত্ৰ প্ৰতিষ্ঠা হৈছিল ১৬১৫ শকত । সৰু যদুমণি গজলা আতাৰ নাতি মধুদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখন আমগুৰি সমষ্টিৰ জকাইচুক মৌজাৰ খনামুখ ১নং মাউৎ গাঁৱত অৱস্থিত ।