আমগুৰি, ২০ নৱেম্বৰ:ছোৱালী ! সৰুৰে পৰা এখন ঘৰত জন্ম লাভ কৰি মা-দেউতাকৰ বহু মৰমত ডাঙৰ দীঘল হয় প্ৰত্যকজনী ছোৱালী ৷ কিন্তু সেই আপোন ঘৰখনত এটা নিৰ্দিষ্ট সময়লৈকে হে থাকিব পাৰে ছোৱালীজনী ৷ কাৰণ এটা সময়ত আপোন মানুহবোৰক এৰি থৈ আন এখন ঘৰলৈ যাব লাগে ছোৱালীজনী ৷ তাৰ পিছত ছোৱালীজনীৰ সন্মুখত আহে এক ডাঙৰ প্ৰত্যাহ্বান ৷ আন এখন সম্পূৰ্ণ পৃথক ঘৰৰ পৰিৱেশত নিজকে প্ৰতিষ্ঠিত কৰি ঘৰ-সংসাৰ আৰম্ভ কৰিব লাগে ছোৱালীজনীয়ে ৷
মা-দেউতাকক এৰি বহু সপোন লৈ বিবাহপাশত আৱদ্ধ হয় এগৰাকী ছোৱালী ৷ কিন্তু সেই সপোন দিঠকত পৰিণত নহ’লে কাল অন্ধকাৰ নামি আহে ছোৱালীজনীৰ জীৱনলৈ ৷ স্বামীৰ মৰমৰ সলনি যদি অত্যাচাৰ পাবলগীয়া হয় ইয়াতকৈ আৰু বেদনাদায়ক কি হ’ব পাৰে ৷ শেহতীয়াকৈ আমগুৰিত সংঘটিত এক ঘটনাই ইয়াৰ জলন্ত উদাহৰণ (Husband tortured wife over dowry) ৷
এতিয়া আহিছো মূল কথালৈ, শেহতীয়াকৈ আমগুৰিৰ নামতিত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা (Wife Tortured by Husband) । স্বামী গৃহত নিৰ্যাতনৰ অভিযোগ ভুক্তভোগী বোৱাৰীৰ ৷ যৌতুকৰ বিচাৰি শাহুৱেকে বোৱাৰীৰ দেহত গৰম তেল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা ৷ "মোৰ শৰীৰত গৰম তেল ঢালি দিছে, ডিঙিত চেপা মৰাৰ উপৰিও চেণ্ডেলেৰে চৰিয়াই, মোৰ মুখত থু পেলাই দিয়ে আৰু কোঠাত আৱদ্ধ কৰি অকথ্য নিৰ্যাতন চলায় ৷" এই ভাষ্য মাত্ৰ ছমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা এগৰাকী নিৰ্যাতিত বোৱাৰীৰ (Daughter in law harassment) ৷
ঘটনাৰ বিৱৰণী মতে, আমগুৰিৰ নামতিৰ যুৱতীগৰাকী ৬ মাহ পূৰ্বে সামাজিক ৰীতি-নীতিৰে মৰিয়নীৰ দেৱেৰাপাৰ অঞ্চলৰ ৰবিউল হুচেইনৰ পুত্ৰ আচিকুৰ হুচেইনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ আন সকলো ছোৱালীৰ দৰেই বিয়াৰ পিছত এটা ধুনীয়া সংসাৰ গঢ়ি তোলাৰ সপোন আছিল তাইৰো ৷ কিন্তু তাইৰ সপোন বাস্তৱত পৰিণত নহ’ল ৷ বিয়াৰ প্ৰথম অৱস্থাত সকলো ঠিকে ঠাকে আছিল৷ কিন্তু হঠাৎ সকলো সলনি হ’বলৈ ধৰিলে তাইৰ জীৱনত ৷ বিয়াৰ এমাহ পিছতেই যৌতুক বিচাৰি স্বামী গৃহই আৰম্ভ কৰে অত্যাচাৰ (Wife tortured at husband’s house for dowry) ৷ লাহে লাহে অত্যাচাৰ বাঢ়িব ধৰিলে তাইৰ জীৱনত ৷