শিৱসাগৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বিক্ষোভ - ২০ দফীয়া দাবী
শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী পালন ৷ আৰ্থ-ৰাজনৈতিক আৰু সামাজিক সমস্যাকলৈ ২০ দফীয়া দাবী উত্থাপন ৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ এই প্ৰতিবাদ ৷
শিৱসাগৰ, 2 ছেপ্তেম্বৰ: শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সোমবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিয়ে এক বিক্ষোভ কাৰ্যসূচী পালন কৰে । সাম্প্ৰতিক সময়ত দেশত দেখা দিয়া আৰ্থ-ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিত ৰাইজে ভোগ কৰা সমস্যাক গুৰুত্ব দি এই সমূহ সমস্যা সমাধানৰ বাবে ২০ দফীয়া দাবী পূৰণৰ বাবে বিক্ষোভ কাৰ্যসূচী পালন কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল,বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়া,চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ধাৰ্য কৰা,স্বামীনাথন আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা,টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰা,শিক্ষাৰ বাণিজ্যকৰণ আৰু সাম্প্ৰদায়িকৰণ বন্ধ কৰা আদিকে কৰি ২০ ট দাবী পূৰণৰ অৰ্থে এই ধৰ্ণা-বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।