শিৱসাগৰ, 15 নৱেম্বৰ :শিৱসাগৰৰ বিদ্যালয়ে বিদ্যালয়ে কৰ’নাৰ দ্ৰুত সংক্ৰমণ ঘটিছে ৷ ইখনৰ পিছত সিখনকৈ বিদ্যালয়ত ক’ভিড আতংকই বিৰাজ কৰিছে ৷ এইবাৰ জিলাখনৰ বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ 15 গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷
দেওবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা একেখন বিদ্যালয়তে কৰ্মৰত তেওঁৰ পত্নীৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে সোমবাৰে বিদ্যালয়খনৰ 104 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ এই পৰীক্ষাত 15 গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰে ৷
শিৱসাগৰত সংহাৰী ৰূপ ধাৰণ কৰিছে কৰ’নাই উল্লেখযোগ্য যে, কেইটামান দিন পূৰ্বে নামতি অঞ্চলৰ দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ৰ 22 গৰাকী বিদ্যাৰ্থী আৰু 4 গৰাকী শিক্ষক ক’ভিড 19 ত আক্ৰান্ত হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছিল ৷
ইফালে ছমহীয়া পৰীক্ষা চলি থকাৰ মাজতে বৰপাত্ৰদ’ল উচ্চ মাধ্যমিক বিদ্যালয়ৰ 15 গৰাকীকৈ বিদ্যাৰ্থী কৰ’ণাত আক্ৰান্ত হোৱাৰ পাচত বিদ্যালয়খনৰ ছমহীয়া পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ অভিভাৱক সকলো এই বিষয়টো লৈ চিন্তিত হৈ পৰিছে ৷
লগতে চাওক :Suspected Murder : মান্দাকাটাত অচিনাক্ত মৃতদেহ উদ্ধাৰ