অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

খৰালি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে আমগুৰিত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়ন কৰিছিল যদিও আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ সমষ্টিটোত চ'লাৰ প্ৰজেক্ট (solar project) আৰু ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project) ৰূপায়ণৰ বাবে বৃহৎ পুঁজি আবন্টন দিয়া হৈছিল ৷ কিন্তু মাত্ৰ 30% কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

Corruption in Scheme implementation at amguri
প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

By

Published : Jun 29, 2021, 11:40 AM IST

আমগুৰি, 29 জুন :আমগুৰিত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ খৰালি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে ৰূপায়ণ কৰা আঁচনিত বিভাগীয় ঠিকাদাৰে কৰা চূড়ান্ত হেমাহিৰ ফলতে আঁচনিখন অসম্পূৰ্ণ হৈ ৰোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আমগুৰি সমষ্টিত চ'লাৰ প্ৰজেক্ট (solar project) চল্লিশটা আৰু ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project) পঞ্চল্লিশটা ৰূপায়ণৰ বাবে বৃহৎ পুঁজি আবন্টন দিয়া হৈছিল ৷ কিন্তু মাত্ৰ 30% কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ দৰে বিভিন্ন অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, প্ৰতিটো চ'লাৰ প্ৰজেক্ট (solar project)ত 6 লাখ 6 হাজাৰ আৰু প্ৰতিটো ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project)ত 5 লাখ 27 হাজাৰ টকাকৈ আবন্টন হৈছিল । কিন্তু গুৱাহাটীৰ এম এছ এনভেৰিমেন্ট টেকন' নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে এই আঁচনি ৰূপায়ণৰ বাবে দায়িত্ব লৈছিল যদিও সম্প্ৰতি 30% শতাংশ কাম কৰিয়েই দায়িত্ব সামৰিলে । ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কৃষকৰ কৃষি ভূমিত পকী খুটা পুতিয়েই দায়িত্ব সামৰাত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ কৃষকসকলে ।

প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

ইফালে, কৃষকক সকাহ দিয়াৰ বাবে ৰূপায়ন কৰা আঁচনিয়ে এতিয়া কৃষকক সমস্যাত পেলোৱা বুলিহে মন্তব্য কৰিছে স্থানীয় লোকসকলে ৷ বিশেষকৈ খৰাং পৰিস্থিতিত কৃষকক সকাহ দিবৰ কাৰণে ৰূপায়ণ কৰা আঁচনিখনৰ পৰা কৃষকসকল উপকৃত হোৱা নাই ৷ বছৰ বছৰ ধৰি পৰি ৰোৱা এই ব্যয়বহুল আঁচনিখনৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে জলসিঞ্চন বিভাগক দাবী জনাইছে কৃষক সকলে ৷

আনহাতে, মাজুলীৰ জেংৰাইমুখ চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কোটি টকীয়া জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে নিৰ্মীয়মান অৱস্থাতে খেৰকটীয়া নৈ (Kherkatiya River)ৰ বুকুত জাহ গৈছে শ শ জিঅ’ বেগ (Geo Bags) ৷

মাজুলীৰ বিভিন্ন স্থানত গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিগত সময়ছোৱাত জিলাখনত শ শ বিঘা ভূমিৰ লগতে বহু লোকৰ ঘৰ-বাৰী আৰু কৃষিভূমি নদীৰ বুকুত জাহ গৈছে ৷ মাজুলীৰ জেংৰাইমুখবাসী ৰাইজৰ প্ৰৱল দাবীত ৰাজ্যৰ জলসম্পদ বিভাগে (Water Resources Department) 2019-20 বিত্তীয় বৰ্ষত চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত পুঁজিৰ আৱন্টন দিছিল ৷

লগতে পঢ়ক:মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

ABOUT THE AUTHOR

...view details