শিৱসাগৰ, 8মাৰ্চঃ শিৱসাগৰত কৰ'ণা ভাইৰাছৰ আতংক ৷ কৰ'নাভাইৰাছত আক্ৰান্ত হোৱাৰ ভয়ত ৰাইজে মাস্ক আৰু ছেনিটাইজাৰ বিচাৰি হাহাকাৰ ফাৰ্মাচীত । শিৱসাগৰৰ ফাৰ্মাচী আৰু দোকানত মাস্ক পাবলৈ নোহোৱা হৈছে । কিছু সংখ্যক দোকানত আছে যদিও অধিক দৰত বিক্ৰী হৈছে মাস্ক । আনফালে শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগে কৰ'নাভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থাও হাতত লৈছে । ৪১ গৰাকী বিদেশ পৰ্যটকক পৰ্যৱেক্ষণত ৰাখিছে স্বাস্থ্য বিভাগে । লগতে শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত ১০ খন বিচনাযুক্ত এটা আচুতীয়া ইউনিটৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগটোৱে । অৱশ্যে স্বাস্থ্য বিভাগে ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনাইছে ।
শিৱসাগৰত কৰ'ণাভাইৰাছ আতংকত মাস্ক বিচাৰি হাবাথুৰি ৰাইজৰ - শিৱসাগৰ
শিৱসাগৰত কৰ'নাভাইৰাছৰ আতংক । মাস্ক-ছেনিটাইজাৰ বিচাৰি ফাৰ্মাচীত ভিৰ ৰাইজৰ ৷ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে কৰ'নাভাইৰাছৰ সন্দেহত ৪১ গৰাকী বিদেশী পৰ্যটকক পৰীক্ষা নিৰীক্ষা কৰি আছে ৷
শিৱসাগৰত কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ ভয়ত মাস্ক বিচাৰি হাবাথুৰি ৰাইজৰ