শিৱসাগৰ,14ফেব্ৰুৱাৰী: দেওবাৰে শিৱসাগৰত আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ৰণদুন্দুভি বজালে ভাৰতীয় জাতীয় কংগ্ৰেছে ৷ শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে এক বিশাল জনসভাত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক স্মৰণ কৰি ৰাহুল গান্ধীয়ে কয়, অসম বিভিন্ন জাতি-কৃষ্টিৰে পৰিপূৰ্ণ ৰাজ্য ৷ অসমলৈ আহি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ তেওঁৰ মনত পৰিছে ৷ তৰুণ গগৈয়ে অসম সম্পৰ্কে বিভিন্ন কথা জানিবলৈ দিছিল বুলি কয় ৰাহুল গান্ধীয়ে ৷
এসময়ৰ হিংসাজৰ্জৰিত অসমক সেই সময়ত তৰুণ গগৈৰ নেতৃত্বত এক সুস্থিৰ অৱস্থালৈ অনা হৈছিল বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ তদুপৰি যিজন তৰুণ গগৈয়ে অসমৰ ভৱিষ্যত গঢ়াত নিজৰ জীৱন পাৰ কৰিলে সেই গগৈক ভাৰত চৰকাৰে অপমান কৰিছে বুলি কয় কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে ৷
ইপিনে,অসম চুক্তিসন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, অসম চুক্তিক সন্মান জনাই চুক্তি ৰূপায়ণৰ বাবে কংগ্ৰেছ দল দায়বদ্ধ ৷ অসমৰ ৰক্ষা কৱচ অসম চুক্তি এক ইঞ্চিও কংগ্ৰেছ দলে হেৰফেৰ নকৰে ৷বিজেপি দলে অসম চুক্তি একাষৰীয়া কৰি অসমক হিংসাৰ পথলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰি বিজেপি দলে অসমত চুৰ কৰিবৰ বাবে অসম আৰু অসমীয়াক ভাগ ভাগ কৰি থৈছে বুলি কটাক্ষ কৰে ৷
আনহাতে, কা সন্দৰ্ভত স্থিতি মুকলি কৰি ৰাহুল গান্ধীয়ে কয়,অসম ভাৰতৰ এক অংগ ৷ অসমৰ যিকোনো লোকচান ভাৰতৰ বাবে এক লোকচান৷ অসমত কা বলৱৎ কৰি অসম ধ্বংস কৰিবলৈ দিয়া নহ'ব বুলি কয় গান্ধীয়ে ৷ লক্ষণীয়াভাৱে কংগ্ৰেছ নেতাগৰাকীয়ে অসমৰ চাহ শ্ৰমিক সকলক ভোটৰ বাবে আকৃষ্ট কৰাৰ লক্ষ্যৰে অসমৰ চাহ শ্ৰমিক সকলক বিজেপি চৰকাৰে ১৬৭ টকাৰ মজুৰি দিয়ে বুলি কৈ এই ধনৰাশিত কি পোৱা যায় বুলি প্ৰশ্ন উত্থাপন কৰে ৷