শিৱসাগৰ, 12 ফেব্ৰুৱাৰী:সমাগত অসম বিধানসভা নিৰ্বাচনত পুনৰদিচপুৰ দখলৰ লক্ষেৰে কংগ্ৰেছে গ্ৰহণ কৰা জনজাগৰণ কাৰ্যসূচীৰে অংশ হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰিছে অসম বচাওঁ আহক শীৰ্ষক এক বিশেষ অভিযান ৷
দেশৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম গৰাকী শ্বহীদ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কংগ্ৰেছে শিৱসাগৰত অসম বচাওঁ আহক অভিযান আৰম্ভ কৰে ৷ জানিব পৰা মতে, কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানক নেতৃত্ব দিব ৷
দেৱব্ৰত শইকীয়াই নেতৃত্ব দিব শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানক শুকুৰবাৰে শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰপুখুৰী পাৰত অৱস্থিত শ্বহীদ পিয়লি ফুকন উদ্যানৰ পৰা অসম বচাওঁ আহক শীৰ্ষক বাছ যাত্ৰাৰ তৃতীয়টো কাৰ্যসূচীৰ আৰম্ভণি অনুষ্ঠানত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ড° জিতেন্দ্ৰ সিং, সম্পাদক চাকিল আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিংহ ঘাটোৱাৰ সহ ৰাজ্যিক আৰু জিলা কংগ্ৰেছৰ শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।
এই অভিযানত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপিয়ে বৃটিছ আৰু বিদেশী শক্তিৰ লগত মিত্ৰতা কৰিছে বুলি মন্তব্য মন্তব্য কৰে ৷ ইফালে জীতেন্দ্ৰ সিঙে বিজেপিক ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে তুলনা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেদৰে ডিভাইড এণ্ড ৰোল নীতি অৱলম্বন কৰিছিল বিজেপিয়েও ধৰ্মৰ নামত, জাতিৰ নামৰ আৰু ধনী দুখীয়াৰ নামত ডিভাইড এণ্ড ৰোল নীতিৰে শাসন কৰিছে বুলি কটাক্ষ কৰে ৷
লগতে পঢ়ক:অসম বচাওঁ আহক কাৰ্যসূচীৰে ৰাইজৰ কাষ চপাৰ চেষ্টা কংগ্ৰেছৰ