অসম

assam

ETV Bharat / state

আজৱ : ফিটাপেলুৰ প্ৰতিষেধকেৰে ছোৱাইন ফিভাৰৰ চিকিৎসা ! - vaccine

আমগুৰিত পশুপালন বিভাগৰ আজৱ কাণ্ড ৷ ছোৱাইন ফিভাৰৰ ভেকচিনৰ সলনি গাহৰিক দিলে ফিটা পেলুৰ ভেকচিন ৷ আমগুৰিৰ বৰাহিবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ এই কাণ্ডই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৷

complain against veterinary doctor for wrong treatment
complain against veterinary doctor for wrong treatment

By

Published : May 1, 2020, 3:08 PM IST

আমগুৰি ১ মে : আফ্ৰিকান ছোৱাইন ফিভাৰে ৰাজ্যৰ কেইবাখনো জিলাত গাহৰি পালকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ অভাৱনীয় হাৰত মৃত্যু ঘটিবলৈ ধৰিছে গাহৰিৰ ৷ কৃষি বিভাগে বিভিন্ন ধৰণে চেষ্টা কৰিছে যদিও এই পৰ্যন্ত ছোৱাইন ফিভাৰ প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷ বৃহস্পতিবাৰে মাজুলীত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অসহায়ভাৱে ভগৱানেই শেষ ভৰষা বুলি মন্তব্য কৰে ৷ কৃষিমন্ত্ৰীগৰাকীৰ মন্তব্যৰ এদিন পিচতেই শিৱসাগৰ জিলাৰ আমগুৰিত পশুপালন বিভাগে সংঘটিত কৰিছে আন এক আজৱ কাণ্ড ৷

আমগুৰিত ছোৱাইন ফিভাৰৰ ভেকচিনৰ পৰিৱৰ্তে গাহৰিক ফিটা পেলুৰ ভেকচিন প্ৰদান কৰিছে শিৱসাগৰ জিলাৰ পশুপালন বিভাগে ৷ পশু চিকিৎসালয়ৰ চিকিৎসকৰ এনে কাণ্ডৰ বাবে গাহৰিপালকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । এফালে কৃষিমন্ত্ৰীৰ অসহায় স্বীকাৰোক্তি আৰু আনফালে চিকিৎসকৰ নাভূত-নাশ্ৰুত কাণ্ড, যাৰ মাজত উৱাদিহ নোপোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে গাহৰিপালকৰ মাজত ৷

উল্লেখ্য যে, বৰাহিবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসকৰ এই কাণ্ডৰ পিচতে গাহৰিপালকসকল ক্ষোভিত হৈ পৰিছে । হাজাৰ হাজাৰ গাহৰি ইতিমধ্যে ছোৱাইন ফিভাৰত মৃত্যুমুখত পৰিছে শিৱসাগৰ জিলাত । যাৰ ফলত জিলাখনত গাহৰিৰ বিক্ৰী আৰু সৰবৰাহ বন্ধ হৈ আছে । এনে অৱস্থাত বৰাহিবাৰী পশু চিকিৎসালয়ৰ চিকিৎসকৰ নিৰ্দেশত ছোৱাইন ফিভাৰৰ ভেকচিনৰ পৰিৱৰ্তে ফিটাপেলুৰ ভেকচিন দিয়া কাৰ্যক গাহৰিপালকসকলে সহজভাৱে ল'ব পৰা নাই ।

ফিটাপেলুৰ প্ৰতিষেধকেৰে ছোৱাইন ফিভাৰৰ চিকিৎসা !
তাৰোপৰি, বৰাহীবাৰী পশু চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধেও কৰ্তব্যত গাফিলতিৰ অভিযোগ তুলিছে ৰাইজে ৷ অভিযোগ অনুসৰি সপ্তাহত এদিন কৰ্তব্যলৈ অহা জনৈক বৰা নামৰ পশু চিকিৎসকগৰাকীয়ে নিজে পৰ্যবেক্ষণ কৰিবলৈ অহাৰ পৰিৱৰ্তে চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰীকহে প্ৰেৰণ কৰে ৷ আনহাতে জিলা পশু চিকিৎসা বিভাগে দিয়া 1100 ভেকচিন চিকিৎসকগৰাকীয়ে নিজৰ গাহৰি ফাৰ্মত ব্যৱহাৰ কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে ৷ এই সমূহ ঘটনাৰ উচিত তদন্তৰ বাবে দাবী জনাইছে গাহৰিপালকসকলে ৷

লগতে পঢ়ক :আফ্ৰিকান ছোৱাইন ফিভাৰ হ'লে ভগৱানেই একমাত্ৰ ভাৰসা হ'ব গাহৰি পালকৰ !

ABOUT THE AUTHOR

...view details