শিৱসাগৰ, 25 মে':ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে শিৱসাগৰতো ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে প্ৰতিষেধক প্ৰদান শিৱিৰ ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুতীয়া উদ্যোগত মুকলি কৰা হৈছিল প্ৰতিষেধক প্ৰদান শিৱিৰ ৷ কিন্তু শিৱিৰটোত প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত নানান অৰাজকতাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ৰাইজৰ অভিযোগ, শিৱিৰটোলৈ বহু দূৰ-দুৰণিৰ পৰা প্ৰতিষেধক গ্ৰহণৰ বাবে বহুলোক আহিছে যদিও শিৱিৰটোৰ দায়িত্বত থকা একাংশই পিছ দুৱাৰেদি নিজ পৰিচিত ব্যক্তিক প্ৰতিষেধক যোগান ধৰি আহিছে ৷ ইফালে এই ঘটনা ৰাইজে প্ৰত্যক্ষ কৰাৰ পাচতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ উত্তেজিত ৰাইজে স্বাস্থ্য বিভাগৰ লোকৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে স্বজন তোষণৰ অভিযোগ উত্থাপন কৰিছে ৷