শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোমত ৰক্তদান শিবিৰ - etv bharat assam
শনিবাৰে শিৱসাগৰ জিলাৰ আদিত্য নাৰ্ছিং হোম আৰু ডায়গনেষ্টিক চেণ্টিৰৰ উদ্যোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়
শিৱসাগৰ, 25 মে': শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত বিগত কিছুদিন ধৰি ৰোগীৰ বাবে মজুত নাছিল তেজ ৷ যাক লৈ চিকিৎসালয়খনত সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ ৷ সহজলভ্য নোহোৱা নিগেটিভ গ্ৰুপৰ তেজৰ ওপৰিও চিকিৎসালয় নাছিল পজিটিভ গ্ৰুপৰ তেজো ৷ এনে বিষয় সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই শনিবাৰে শিৱসাগৰৰ আদিত্য নাৰ্ছিং হোম আৰু ডায়গনেষ্টিক চেণ্টিৰৰ উদ্যোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । এই ৰক্তদান শিবিৰত বহু সংখ্যক ৰক্তদাতাই ৰক্তদান কৰি মানৱ জীৱন ৰক্ষাৰ এক মহান পদক্ষেপৰ অংশীদাৰ হয় । আনহাতে, শিবিৰত সংগৃহীত ৰক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত কৰা হ'ব বুলি মন্তব্য কৰে কৰ্তৃপক্ষই ৷