শিৱসাগৰ,19 এপ্ৰিল: বৰ্তমান সময়ত দেশজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক আৰু প্ৰতিৰোধৰ মাজত সৰ্বত্ৰ হাহাকাৰ ৷ এনে সময়তে ৰাজ্যৰ বহু চিকিৎসালয়ত জীৱনদায়িনী তেজৰ বাবে সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ ৷ সাধাৰণ অৱস্থাত বিভিন্ন ৰক্তদান শিবিৰ সমূহৰ বাবে ৰক্তৰ চাহিদাৰ বিপৰীতে যোগান স্বাভাৱিক হৈ থাকে যদিও লক ডাউন আৰু সামাজিক ব্যৱধান মানি চলিব লগা হোৱাত বৰ্তমান বন্ধ হৈ পৰিছে ৰক্তদান শিবিৰ সমূহ ৷ এনে পৰিস্থিতিৰ মাজতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পৰিলক্ষিত হৈছে তেজৰ ব্যাপক অভাৱ ৷ উল্লেখনীয় যে এই সময়ছোৱাত 500 বিচনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত মজুত থকা তেজৰ পৰিমাণ মাত্ৰ 12 ইউনিটলৈ হ্ৰাস পাইছিল ৷
এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেছকিউ নামৰ এক স্বেচ্ছাসেৱী সংগঠন আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু বিভিন্ন জাতীয় সংগঠন ও যুৱক-যুৱতীৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত সম্পন্ন হয় এক ৰক্তদান শিবিৰ ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতীয়ে ৰক্তদান কৰে এই শিবিৰত ৷