শিৱসাগৰ, 10 অক্টোবৰঃকেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কৃষি বিলে কৃষি জগতত এক বিশেষ জাগৰণৰ সৃষ্টি কৰিব ৷ শনিবাৰে শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিজেপি নেতা তথা শিৱসাগৰ বিজেপিৰ প্ৰভাৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ তদুপৰি মাৰ্ঘেৰিটাই এখন দেশ আৰু এখন বজাৰ চুক্তি আগত ৰাখি বিজ্ঞান সন্মত ভাৱে লগতে প্ৰণালীবদ্ধ ভাৱে কৃষকৰ কর্ম স্বাধীনতা আৰু সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন প্ৰণয়ন কৰা বুলিও মন্তব্য কৰে ৷
কৃষক আইন সমৰ্থন কৰি শিৱসাগৰত বিজেপিৰ সংবাদমেল
মাৰ্ঘেৰিটাই এখন দেশ আৰু এখন বজাৰ চুক্তি আগত ৰাখি বিজ্ঞান সন্মত ভাৱে লগতে প্ৰণালীবদ্ধ ভাৱে কৃষকৰ কর্ম স্বাধীনতা আৰু সৱলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন প্ৰণয়ন কৰা বুলিও মন্তব্য কৰে ৷
কৃষক আইনক সমৰ্থন কৰি শিৱসাগৰত বিজেপিৰ সংবাদমেল
ইপিনে, অত্যাৱশ্যকীয় কৃষি পণ্য আইন, নিয়ন্ত্ৰিত আইনৰ পৰা কৃষকক মুক্ত কৰা, কৃষকৰ ক্ষমতা আৰু চুক্তি বিষয়ক এই তিনি আইনৰ সন্দৰ্ভত বিতংভাৱে মত দাঙি ধৰে বিজেপি নেতা গৰাকীয়ে ৷ আনহাতে,শনিবাৰে অনুষ্ঠিত সংবাদমেলখনত উপস্থিত থাকে জিলা সভানেত্ৰী সুৰভী ৰাজকুঁৱৰী, প্ৰাঞ্জল কটকী, হেমন্ত গগৈৰ লগতে কেইবাজনো বিজেপিৰ কার্যকর্তা ৷