অসম

assam

ETV Bharat / state

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা - প্ৰতিকৃতি দাহ কৰাত বাধা

বুধবাৰে শিৱসাগৰ নগৰত বীৰ লাচিত সেনাই সাব্যস্ত কৰিব বিচৰা প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰে আৰক্ষীয়ে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা আৰোপ কৰাৰ বাবে আৰক্ষীৰ লগতে ৰাজ্য চৰকাৰকো সমালোচনা কৰে সংগঠনটোৰ সদস্যসকলে । মূল্যবৃদ্ধি ৰোধ কৰক, গো সুৰক্ষা বিধেয়ক বাতিল কৰক আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ৰাজপথ ।

Bir lachit sena protest
শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

By

Published : Aug 25, 2021, 2:26 PM IST

শিৱসাগৰ, ২৫ আগষ্ট: মূল্যবৃদ্ধি ৰোধ, গো সুৰক্ষা বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত আছে শিৱসাগৰত । মঙলবাৰে ২০ টাকৈ সংগঠনে শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত বুধবাৰে বীৰ লাচিত সেনাই একে দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে মূল্যবৃদ্ধি ৰোধ আৰু গো সুৰক্ষা বিধেয়ক বাতিলৰ দাবীত শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিকৃতি দাহ কৰাৰ কাৰ্যসূচী হাতত লৈছিল সংগঠনটোৱে ।

কিন্তু প্ৰতিবাদস্থলীত মোতায়েন হৈ থকা আৰক্ষীয়ে প্ৰতিকৃতি দাহ কৰাত বাধা দিয়ে আৰু প্ৰতিকৃতি দুটা কাঢ়ি নিয়ে । ইয়াৰ পাছতে ক্ষোভিত হৈ পৰে সংগঠনটোৰ সদস্যসকল । বীৰ লাচিত সেনাৰ কৰ্মকৰ্তাসকলে 'বিজেপি মুৰ্দাবাদ', 'হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই', 'যোগান মন্ত্ৰী হায় হায়', 'মূল্যবৃদ্ধি ৰোধ কৰক', 'গো সুৰক্ষা বিধেয়ক বাতিল কৰক' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক ব্যৰ্থ চৰকাৰ আখ্যা দিয়ে সংগঠনটোৱে । বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিতু বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অকৰ্মণ্য মুখ্যমন্ত্ৰী বুলি কটাক্ষ কৰি কয় যে, চৰকাৰ এতিয়া কেৱল গৰু আৰু গাহৰিৰ ইছ্যুক লৈ ব্যস্ত ।

মূল্যবৃদ্ধিয়ে কোঙা কৰা সাধাৰণ ৰাইজক সকাহ দিয়াৰ সলনি চহা অসমীয়াৰ জীৱিকা নিৰ্বাহত চৰকাৰে প্ৰতিন্ধকতা আনি ৰাইজক সমস্যাৰ মাজলৈ ঠেলি দিয়া অভিযোগ তোলে সংগঠনটোৱে । চৰকাৰে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ আৰু গো সুৰক্ষা বিধেয়ক বাতিল নকৰিলে এক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনাই ।

লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত মুনাফালোভী শিক্ষক আনিচুৰ ৰহমান

ABOUT THE AUTHOR

...view details