অসম

assam

ETV Bharat / state

আমগুৰিত চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি - ভোগালীক আদৰাৰ প্ৰস্তুতি

Bhogali Bihu 2024:এতিয়া চৌদিশে ভোগালী বিহুৰ প্ৰস্তুতি ৷ ঢেঁকীৰ মাতত ৰজনজনাইছে ৰাজ্যৰ চৌদিশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ শিৱসাগৰতো দেখা গৈছে এই ব্য়স্ততা ।

Bhogali Bihu preparation  in Sivasagar
মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:40 PM IST

মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

আমগুৰি, ৯ জানুৱাৰী:ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যৰ গাঁৱে-ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত গাঁৱে গাঁৱে নিৰ্মাণ হৈছে ভিন্ন ৰকমৰ ভেলাঘৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা । ঢেঁকীৰ মাতত ৰজনজনাইছে ৰাজ্যৰ চৌপাশ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ আমগুৰিতো এতিয়া সীমাহীন ব্যস্ততা । তিলপিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ুকে ধৰি বিভিন্ন বিহুৰ সামগ্ৰী সাজু কৰিছে মহিলাসকলে ।

অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে গ্ৰামাঞ্চলত ঢেঁকীৰ চাবত চৌদিশ ৰজনজনাই উঠিছে । ভোগৰ উৎসৱৰ বাবেই চলিছে এই ব্যাপক প্ৰস্তুতি । এফালে যদি মেজি, ভেলাঘৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে গাঁৱৰ ডেকাসকল, আনফালে পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মহিলাসকল । ব্যস্ততাৰ মাজতে বিহু মাৰি আনন্দ-উল্লাসত মতলীয়া হৈছে সকলো ।

ৰাজ্য়ৰ আন ঠাইৰ লগতে আমগুৰিৰ নামতিদ'লতো ভোগালী বিহুৰ উদযাপনৰ প্ৰস্তুতি চলিছে । গাঁৱৰ জীয়াৰী-বোৱাৰী একলগ হৈ হাঁহি-স্ফুৰ্তিৰে ঢেঁকীৰ চাবে চাবে বিয়ানাম গাইছে, বিহু গায় কঁকাল ভাঙি নাচিছে । জীয়াৰী-বোৱাৰীৰ ভোগালীৰ বাবে পাৰভঙা উচাহ ।

কোনোৱে যদি বিহুনাম গাইছে, কোনোৱে আকৌ কঁকাল ভাঙি নাচিছে । ঢেকীশালত পিঠাগুৰি খুন্দি পিঠা-পনা বনোৱাত ব্যস্ত আইতাসকলো । গাঁৱৰ আাইতাসকলেও মুখত এমোকোৰা হাঁহি লৈ তিলপিঠা, লচকৰা, মিঠৈ বনোৱাত ব্যস্ত । এনেদৰে ভোগালীলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত গ্ৰামাঞ্চলৰ ঢেঁকীশালে প্ৰাণ পাই উঠিছে ।

লগতে পঢ়ক:পৰম্পৰাগত তিলপিঠা প্ৰস্তুতেৰে ব্যৱসায়ভিত্তিত সফলতা লাভ টীয়কৰ এগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details