শিৱসাগৰ, ২৪ মেঃ শিৱসাগৰৰ আমগুৰি নাট্যমণ্ডিৰত অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট তবলাবাদক, যুৱ প্ৰজন্মৰ অন্যতম শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ।
আমগুৰিত শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান - Amguri
জোন কোঁৱৰৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৯ মে'ত যোৰহাট মেডিকেল কলেজত পুৱা ১০ বজাত মৃত্যুক সাৱটি লৈছিল । পৰিয়ালৰ লোকে যোৰহাট মেডিকেলত ভৰ্ত্তি কৰিছিল যদিও চিকিৎসালয়তে শিল্পীগৰাকীয়ে মৃত্যুক আকোৱালি লৈছিল জোন কোঁৱৰে ।
আমগুৰি শিল্পী সমাজ আৰু আমগুৰিবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয় । বাদ্যযন্ত্ৰী দিপাংকৰ শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰিৰ বিশিষ্ট কবি, প্ৰাক্তন অধ্যক্ষ যোগেশ কিশোৰ ফুকনে বন্তি প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে গৌতম বৰা আৰু ৰিমি কলিতাই গীত পৰিৱেশন কৰে । শিৱসাগৰ জিলাৰ কোঁৱৰ গাঁওৰ নিবাসী সৰুমইনা কোঁৱৰৰ কণিষ্ঠ সন্তান জোন কোঁৱৰৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৯ মেত যোৰহাট মেডিকেল কলেজত ৰাতিপুৱা ১০ বজাত মৃত্যুক সাৱটি লয় । এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰ, পূবেৰুণ শিল্পী সমাজ, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংস্থা, আমগুৰি লেখিকা সমাৰোহ সমিতি, আহোম জাতীয় গণমঞ্চৰ হৈ পুলকেশ গগৈকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
লগতে আন এটি বাতৰি - লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত বাইকআৰোহী