ব্যতিক্ৰম ! খেতিপথাৰলৈ বন্যহস্তীৰ জাকক আমন্ত্ৰণ এজন লোকৰ - ৰাজেন্দ্ৰ মিলি
এখন আদৰণি তোৰণ। আন আন আদৰণি তোৰণতকৈ পৃথক এই তোৰণ। তোৰণৰ এহাতে লিখা হৈছে হাতীৰ কৰুণ আহ্বান-"মোক এমুঠি পেট ভৰাই খাবলৈ দিয়ক"। আনহাতে মৰম জ্ঞাপন কৰি বনৰীয়া হাতীক আহ্বান কৰা হৈছে খেতি পথাৰলৈ । এই দৃশ্য শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ দিচাং ব্ৰহ্মপুত্ৰ চাপৰিৰ ।
কিয় বনাঞ্চল এৰি জনাঞ্চলৰ দিশে হাতীৰ জাক !
শিৱসাগৰ,31 মে’: জনবিস্ফোৰণৰ লগে লগে ক্ৰমাৎ হ্ৰাস পায় আহিছে বন্যপ্ৰাণীৰ আৱাসস্থল । হাবিসমূহ কাটি গৃহ নিৰ্মাণ কৰিবলৈ ধৰাত কমি আহিছে বন্যপ্ৰাণীৰ স্বাভাৱিক খাদ্য বিচৰণ ভূমি । ইয়াৰ ফলত সৃষ্টি হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত । বহু দিন হাতীৰ লগত থাকি ৰাজেন্দ্ৰ মিলিয়ে উপলব্ধি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সত্য,যিবোৰৰ প্ৰতি কিন্তু কোনো ভ্ৰক্ষেপ নাই চৰকাৰৰ .. এই সন্দৰ্ভত চাওঁক অনন্ত স্মিথৰ এক প্ৰতিবেদন.....