অসম

assam

ETV Bharat / state

অসম আৰু নাগালেণ্ড আৰক্ষীৰ ড্ৰাগছ বিৰোধী যৌথ কাৰ্য্যসূচী

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে একত্ৰিত হ'ল অসম আৰু নাগালেণ্ড আৰক্ষী(Assam Nagaland police joint anti-drug programme) । চৰাইদেউৰ অসম নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ নামতোলাত অসমৰ চৰাইদেউ জিলা আৰক্ষী আৰু নাগালেণ্ডৰ টিজিট আৰক্ষীৰ যুটীয়া সৌজন্যত সমাজৰ বৰবিহ স্বৰূপ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে এক সজাগতা সভা আয়োজন কৰা হয় ।

operation against drugs by assam police and nagaland police together
ড্ৰাগছ বিৰোধী অভিযানত একত্ৰিত অসম আৰু নাগালেণ্ড আৰক্ষী

By

Published : Mar 28, 2022, 4:54 PM IST

মৰাণ,২৮ মাৰ্চ:এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে একত্ৰিত হ'ল অসম আৰু নাগালেণ্ড আৰক্ষী (Assam Police & Nagaland Police)। চৰাইদেউৰ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ নামতোলাত অসমৰ চৰাইদেউ জিলা আৰক্ষী আৰু নাগালেণ্ডৰ টিজিট আৰক্ষীৰ যুটীয়া সৌজন্যত সমাজৰ বৰবিহ স্বৰূপ অবৈধ ড্ৰাগছৰ বিৰুদ্ধে দেওবাৰে এক সজাগতা সভা আয়োজন কৰা হয় ।

মূলতঃ সীমান্তৱৰ্তী নামতোলাত অবাধ ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় সভাখন । দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ ক্ষেত্ৰত অতি পৰিকল্পিত ভাৱে আঁচনি প্ৰস্তুত কৰাৰো পোষকতা কৰে ।

ড্ৰাগছ বিৰোধী অভিযানত একত্ৰিত অসম আৰু নাগালেণ্ড আৰক্ষী

সজাগতা সভাখনত নাগালেণ্ডৰ টিজিট এৰিয়া ষ্টুডেণ্ট ইউনিয়ন, চি আৰ পি এফৰ বিষয়া, টিজিট টাউনৰ একাংশ বিষয় ববীয়া, আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি দুয়োখন ৰাজ্যৰ বহুকেইটা দল-সংগঠনৰ কৰ্মকৰ্তা উপস্থিত থাকে ।

লগতে পঢ়ক:মূল্যবৃদ্ধিক লৈ উত্তাল বিধানসভা: বিৰোধীৰ সদন ত্যাগ

ABOUT THE AUTHOR

...view details