অসম

assam

ETV Bharat / state

PM Modi meeting in Assam: প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকক অভূতপূৰ্ব আখ্যা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ - Assam HSLC question paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি পুনৰ বাৰ দাবী শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ (HSLC question paper leaked) ৷ ভুৱা বাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো ইংগিত শিক্ষামন্ত্ৰীৰ ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বৈঠক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ৰণোজ পেগুৰ ৷

PM Modi meeting in Assam
প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকক অভূতপূৰ্ব আখ্যা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

By

Published : Mar 8, 2023, 6:44 PM IST

প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকক অভূতপূৰ্ব আখ্যা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শিৱসাগৰ, 8 মাৰ্চ:মঙলবাৰে গুৱাহাটীত ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi Meeting With Assam cabinet) ৷ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷ এই বৈঠকক অভূতপূৰ্ব আৰু অভিনৱ আখ্যা শিক্ষামন্ত্ৰীগৰাকীৰ ৷

লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, ‘‘অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ যি মৰম, ভালপোৱা আৰু সদ্ভাৱ আছে সেয়া প্ৰকট হৈছে ৷ মন্ত্ৰীসভাৰ লগত ডেৰঘন্টা বিভিন্ন বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ'ল (Ranoj Pegu on PM Modi) ৷’’ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত এক বৈঠকত অংশ লোৱাৰ প্ৰাকমূহুৰ্তত এই মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ৷ উল্লেখ্য যে, মেঘালয় আৰু নাগালেণ্ড চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত মঙলবাৰে অংশগ্ৰহণ কৰি গুৱাহাটীত মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী (PM Modi Northeast visit) ৷

ইফালে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভতো প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীগৰাকীৰ (HSLC Exam paper leaked) ৷ আত্মপক্ষ সমৰ্থনেৰে প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি উল্লেখ কৰি সংবাদমাধ্যমকে জগৰীয়া কৰিলে ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰশ্নকাকত ফাদিল হোৱা নাই ৷ কোনো পৰীক্ষা কেন্দ্ৰত যদি কিবা বিসংগতি হৈছে সেইসকল নিৰীক্ষকক লগে লগে অব্যাহত দিয়া হৈছে ৷’’ ভুৱা বাতৰি প্ৰচাৰ কৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য ৰণোজ পেগুৰ ৷

যদিহে শিক্ষকে পৰীক্ষাত শিকাই দিয়া, আনৰ বহী চাবলৈ দিয়া আদি ঘটনাৰ উপযুক্ত প্ৰমাণসহ কোনোবাই অভিযোগ দিয়ে তেন্তে কঠোৰ পদক্ষেপ ল'ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে (Assam HSLC question paper leaked) ৷ উল্লেখ্য যে, 3 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতেই পুনৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া ৷

ইয়াৰ পাচতেই ছেবাৰ সচিবকো তলব কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ কথা অস্বীকাৰ কৰিছিল ছেবা কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Tripura new govt oath taking: প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ উপস্থিত শপত ল’লে ত্ৰিপুৰাৰ নতুন চৰকাৰে

ABOUT THE AUTHOR

...view details