অসম

assam

ETV Bharat / state

চৰকাৰক সহায় বিচাৰিলে বহিঃৰাজ্যত আবদ্ধ যুৱকে !

বহিঃৰাজ্যত অসহায় হৈ পৰিছে একাংশ অসমীয়া ৷ উদ্ধাৰৰ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে এইসকল অসমীয়া লোকে ৷

assam boys urge for help from jharkhand
assam boys urge for help from jharkhand

By

Published : Apr 30, 2020, 8:54 PM IST

শিৱসাগৰ, 30 এপ্ৰিল : লক্ ডাউনৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে অসমীয়া লোক । কৰ্মসূত্ৰে অসমৰ বাহিৰত থকা এনে লোক সকল বৰ্তমান নানা সমস্যাত পৰিছে । পৰ্যায়ক্ৰমে বৃদ্ধি পাই আছে লক্ ডাউন । এনে সময়তে বৃহস্পতিবাৰে পোৱা গৈছে ঝাৰখণ্ডত আৱদ্ধ একাংশ অসমীয়া যুৱকৰ এটা ভিডিঅ' ৰেকৰ্ডিং । ঝাৰখণ্ডৰ পৰা তেওঁলোকক অসমলৈ লৈ যাবলৈ অসম চৰকাৰক আহবান জনাইছে কৰ্মসূত্ৰে ঝাৰখণ্ডত থকা যুৱকৰ দলটোৱে ।

চৰকাৰক সহায় বিচাৰিলে বহিঃৰাজ্যত আবদ্ধ যুৱকে !
উল্লেখ্য যে, ঝাৰখণ্ডত আৱদ্ধ হৈ আছে অসমৰ প্ৰায় 20 গৰাকী যুৱক । বহিঃৰাজ্যত কৰ্মসূত্ৰে থকা দলটোত চৰাইদেউ,যোৰহাট, গোলাঘাটৰ বহুকেইজন যুৱক থকা বুলি জানিব পৰা গৈছে । অসমলৈ অহাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আহ্বান জনালে ঝাৰখণ্ডত আৱদ্ধ হৈ অসমৰ যুৱকৰ দলটোৱে । তেওঁলোকক 7637896978 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান অসহায় যুৱকৰ দলটোৱে ।

ABOUT THE AUTHOR

...view details