শিৱসাগৰ, 13 অক্টোবৰ :চৰাইদেউ জিলাৰ সোণাৰিৰ অসম অৰুণাচল সীমান্তৰ চৰাইপুংত উত্তপ্ত পৰিস্থিতি ৷ অৰুণাচলী দুৰ্বিত্তই দুজন অসমীয়া যুৱকক বিনা কাৰণত প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে অসম-অৰুণাচল সীমান্তৰ চৰাইপুংত ৷
অসমৰ চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাইপুং অঞ্চলৰ নিবাসী টিবিয়েষ্ট মিঞ্জ আৰু মনজিৎ সন্দিকৈ নামৰ দুজন যুৱকক অৰুণাচলী দুৰ্বিত্তৰ প্ৰহাৰ কৰাৰ পাচত উত্তেজনাৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজৰ সহযোগত দল,সংগঠনে অৱৰোধ কৰি ৰাখিছে অসম-অৰুণাচল সংযোগী চৰাইপুংৰ মূল পথটো ৷ চৰাইপুঙ আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ৷