অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে - সৰুপথাৰত ' কা' CAA বিৰোধী অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৷ শুকুৰবাৰে শিৱসাগৰৰ আমগুৰি জ্যেষ্ঠ নাগৰিক সংস্থাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ বঙাইগাঁওত প্ৰতিবাদ সাব্যস্ত কৰে অধিবক্তাসকলে। ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা উকীল সন্থাৰ সদস্যসকলে ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোলাঘাট বাসীৰ সহযোগত শতাধিক লোকৰ উপস্থিতিত সাব্যস্ত কৰা হয় প্ৰতিবাদ। লখিমপুৰ জিলাতো ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । মাজুলীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল ৷ নগাঁৱত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। তিনিচুকীয়াৰ কাকপথাৰতো প্ৰতিবাদ ৷ সৰুপথাৰত 'কা' CAA বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে বহু শতাধিক ভকত বৈষ্ণৱে ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত তিনিচুকীয়াতো এক বিশাল প্ৰতিবাদী সমদল ৷

উত্তাল অসম
উত্তাল অসম

By

Published : Dec 21, 2019, 12:03 AM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৷ শুকুৰবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী শিৱসাগৰৰ আমগুৰি জ্যেষ্ঠ নাগৰিক সংস্থাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ পুৱা ৮ বজাৰপৰা বিয়লি ২বজালৈ অনশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে জেষ্ঠ নাগৰিক সন্থাই ৷

প্ৰতিবাদৰ জোৱাৰত উত্তাল সমগ্ৰ অসম

বঙাইগাঁওঃএকেদৰে সদৌ অসম অধিবক্তা সন্থাই জনোৱা আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে বঙাইগাঁৱত প্ৰতিবাদসাব্যস্ত কৰে অধিবক্তাসকলে । বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰাৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ।

প্ৰতিবাদৰ জোৱাৰত উত্তাল সমগ্ৰ অসম

ধুবুৰীঃইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলা উকীল সন্থাৰ সদস্যসকলে ৷ ধুবুৰী উপায়ুক্তৰ কাৰ্যালয় চৌহদত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে হায় হায় আৰু মূর্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী উকিল সন্থাই।

গোলাঘাটঃসমান্তৰালভাৱে গোলাঘাটত শুকুৰবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোলাঘাট বাসীৰ সহযোগত শতাধিক লোকৰ উপস্থিতিত সাব্যস্ত কৰা হয় প্ৰতিবাদ। কবিতা,গান,ৰঙ তুলিকাৰে প্ৰতিবাদ কৰে প্ৰতিবাদকাৰী সকলে।

সমগ্ৰ অসম উত্তাল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

লখিমপুৰঃ ইফালে লখিমপুৰ জিলাতো ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে । লখিমপুৰ জিলাৰ বগীনদী ৰ গাগলদুবিৰ মহিলাসকলে ব্যতিক্ৰমী ভাবে ৰাজপথৰ কাষত প্ৰতিবাদ কৰি চৰকাৰৰ সুমতিৰ বাবে প্ৰাৰ্থনা কৰিলে ভগবানৰ ওচৰত। ৰাজপথৰ কাষত বহি ধুপ চাকি জ্বলাই নাম গাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুধিতা কৰে মহিলাসকলে।

মাজুলীঃ আনহাতে মাজুলীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে শ শ মহিলাই । মাজুলী নয়াবজাৰৰ পৰা বিশাল সমদল কৰি গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী লোকসকলে।

নগাঁওঃ সমান্তৰালভাৱে নগাঁৱত ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰতিবাদলৈ ওলাই আহিল নগাঁও মুক্তিযুঁজাৰু সন্মিলনকে ধৰি বহু লোক ৷ নগাঁৱৰ নেহেৰুৱালীৰ পৰা নগাঁৱৰ ছাত্ৰ সমাজে উলিওৱা প্ৰতিবাদী সমদলত মুক্তিযুঁজাৰু সন্মিলনীৰ চৰকাৰক সকীয়নী কোনো কাৰণত অসমে ১৯৭১ চনৰ পিছৰ হিন্দু, মোছলমান কোনো ধৰ্মৰে বিদেশীৰ বোজা নলয় অসমে ৷

কাকপথাৰঃ ইফালে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে তিনিচুকীয়াৰ কাকপথাৰৰ মাধৱপুৰৰ পৰা৷ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী মাধৱপুৰৰ পৰা প্ৰাক্তন ছাত্ৰ নেতাসহ পঁচিশজন যুৱকে আৰম্ভ কৰিছে এই কাৰ্যসুচী৷ দিশপুৰ লাষ্টগেটলৈ ৰাওনা হোৱা এই যাত্ৰাত ঠায়ে ঠায়ে পথসভা অনুষ্ঠীত কৰি ৰাইজক "কাৰ" বিৰুদ্ধে সজাগ কৰাৰ লক্ষ্য হাতত লৈছে ৷
গোলাঘাটঃশ্ৰী মন্ত শংকৰদেৱ সঙ্ঘ ৰ ধনশিৰি জিলা শাখাৰ সৌজন্যত সৰুপথাৰত ' কা' CAA বিৰোধী অৱস্থান ধৰ্মঘট কাৰ্যসুচী গ্ৰহণ কৰে সৰুপথাৰ কলেজ ৰোডৰ পৰা সৰুপথাৰ নগৰৰ মাজেৰে বহু শতাধিক ভকত বৈষ্ণৱে প্ৰতিবাদী সমদল কৰি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদৰ জোৱাৰত উত্তাল সমগ্ৰ অসম
তিনিচুকীয়াঃশুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত তিনিচুকীয়াত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি এক সহস্ৰাধিক প্ৰতিবাদী ৰাইজে C(A)A বাতিলৰ দাবী জনায়। আনহাতে বৃহস্পতিবাৰৰ পৰা তিনিচুকীয়া জিলাৰ পৰিস্থিতি কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও প্ৰশাসনে নিশা সন্ধ্যা আইন জাৰি ৰাখিছে। শুকুৰবাৰে নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সন্ধ্যা আইন জাৰি কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে।

লগতে পঢ়ক:শনিবাৰে বিজেপি বিধায়িনী দল আৰু কেবিনেটৰ জৰুৰী বৈঠক

ABOUT THE AUTHOR

...view details