আমগুৰি, ২৮ জুলাই : বানৰ পিছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ক্ৰমাৎ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক বৃদ্ধি পাইছে (Japanese Encephalitis in Assam) । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ মৃতকৰ সংখ্যাও ।
সম্প্ৰতি জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই (GMCH Superintendent Abhijit Sharma) উল্লেখ কৰা অনুসৰি, শেহতীয়াভাৱে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ জিএমচিএইচত ৩৯ জন ৰোগী চিকিৎসাধীন হৈ আছে (Undergoing treatment at GMCH)। ইয়াৰে ভিতৰত ১১ জন ICUত ভৰ্তি হৈ আছে । লগতে অধীক্ষকগৰাকীয়ে কয় যে জিএমচিএইচত পহিলা এপ্ৰিলৰ পৰা বৰ্তমানলৈ ৬৫ গৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী আহিছে ৷ ইয়াৰে ৯ জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে ১৪ জন ৰোগী সুস্থ হৈ ঘৰলৈ গৈছে ।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু আমগুৰিৰ মহিলা উল্লেখ্য যে চৰকাৰী তথ্য মতে, ৰাজ্যত বৰ্তমানলৈ জাপানীজ এনকেফেলাইটিছত ৪৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৮৫ জন লোক আক্ৰান্ত হৈ আছে । ইফালে বিগত ২৬ জুলাইলৈকে নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ 5 জনৰ মৃত্যু হৈছে ৷ আনহাতে, এই ৰোগত আক্ৰান্তৰ সংখ্যা 38 জন (Japanese encephalitis Outbreak) ৷
তাৰ মাজতে আমগুৰিৰ ছটাইছিগা গাঁৱত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে (Amguri woman died in Japanese encephalitis) । আমগুৰিৰ ছটাইছিগা গাঁৱৰ ৰুমেনা বেগম নামৰ মহিলাগৰাকীৰ এই ৰোগত মৃত্যু হয় । প্ৰয়াত মইনুল হকৰ পত্নী ৰুমেনা বেগম ২২ জুলাইত জ্বৰত আক্ৰান্ত হৈছিল । লগে লগে পৰিয়ালৰ লোকে যোৰহাট মেডিকেল কলেজত মহিলাগৰাকীক ভৰ্তি কৰায় ।
কিন্তু স্বাস্থ্য বিভাগে ২৫ জুলাইৰ দিনা এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে বুলি পৰিয়ালে জানিবলৈ দিছে । বৃহস্পতিবাৰে মহিলাগৰাকীৰ যোৰহাট মেডিকেল কলেজতেই মৃত্যু হয় । আনহাতে, জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য বিভাগে বৃহত্তৰ অঞ্চলটোত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।