অসম

assam

ETV Bharat / state

চিকিৎসকৰ গাফিলতিত দেৱশিশুৰ মৃত্যু

চিকিৎসক অবিহনে নাৰ্চে প্ৰসৱ কৰাইছিল এটি দেৱশিশুৰ ৷ প্ৰসৱৰ পাচতে মৃত্যুমুখত পৰে নৱজাতকটি ৷

প্ৰসৱৰ পাচতে মৃত্যুমুখত নৱজাতক

By

Published : Oct 14, 2019, 12:36 PM IST

আমগুৰি, ১৪ অক্টোবৰ: আমগুৰি চিকিৎসালয়ত ভুল চিকিৎসাৰ বলি হৈ প্ৰাণ হেৰুৱালে এটি দেৱশিশুৱে ৷ দেওবাৰে মৰিয়ণি লুখুৰাখন গাঁৱৰ প্ৰসূতীয়ে প্ৰসৱ কৰিছিল এটি দেৱশিশু ৷ আমগুৰি চিকিৎসালয়ত চিকিৎসক অবিহনে নাৰ্চে প্ৰসৱ কৰাইছিল দেৱশিশুটি ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নাৰ্চৰ গাফিলতিত মৃত্যু ঘটে শিশুটিৰ ৷ ইতিমধ্যে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰসূতিগৰাকীক ৷ আনফালে ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসক আৰু নাৰ্চৰ ওপৰত ব্যৱস্থা ল'বলৈ প্ৰশাসণক দাবী জনাই ৷

চিকিৎসকৰ গাফিলতিত দেৱশিশুৰ মৃত্যু

ABOUT THE AUTHOR

...view details