আমগুৰি, ৩০ ছেপ্টেম্বৰ:আমগুৰি সমষ্টিত বৰ্তমানলৈ ৬টাকৈ বিধ্বংসী বানে জুৰুলা কৰিছে সমগ্ৰ অঞ্চল ৷ চৰম দুৰ্ভোগত ভুগিছে মোকালনি মিছিং গাঁওবাসী ৷ বছৰৰ ষষ্ঠটো বানে অঞ্চলটোলৈ নমাই আনিছে অমানিশা ৷ উল্লেখ্য যে,খোৱাপানী, আৰু এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷
জলসম্পদ বিভাগৰ কৃপাত পানীৰ মাজত জীৱন কটাইছে 65 টা পৰিয়ালে - পাইলট প্ৰজেক্ট
জলসম্পদ বিভাগৰ দুৰ্বলতাৰ বাবেই আমগুৰি সমষ্টিৰ মোকালনিত জলবন্দী হৈ আছে প্ৰায় ৬৫ টাকৈ পৰিয়াল ৷ টুলুঙা নাৱেৰেই বানৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় লোক ৷
বছৰটোৰ ৮ মাহেই পানীত বুৰ গৈ আছে আমগুৰি অঞ্চল
এই অঞ্চলটো বছৰৰ ৮ মাহেই পানীত বুৰ গৈ থাকে ৷ জলসম্পদ বিভাগৰ দুৰ্বলতাৰ বাবেই আমগুৰি সমষ্টিৰ মোকালনিত জলবন্দী হৈ আছে প্ৰায় ৬৫ টাকৈ পৰিয়াল ৷ টুলুঙা নাৱেৰেই বানপানীৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হৈছে স্থানীয় লোক ৷
লগতে পঢ়ক :যোৰহাট জিলা পৰিষদৰ আজৱ কাণ্ড !