অসম

assam

ETV Bharat / state

শিৱসাগৰত ৰক্তদান আৰু সজাগতা শিবিৰ - মহাবিদ্যালয়

ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, এই শ্ল'গানেৰে উদ্বুদ্ধ হৈ মঙলবাৰে আটাছু কলেজ গোটৰ উদ্যোগত সহায় ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান ৰ সহযোগত এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়  শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৷

ৰক্তদান আৰু সজাগতা শিবিৰ

By

Published : Aug 6, 2019, 5:32 PM IST


আমগুৰি, 6 আগষ্ট : নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ৰক্তদান আৰু সজাগতা শিবিৰ ৷ ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, এই শ্ল'গানেৰে উদ্বুদ্ধ হৈ আজি আটাছু কলেজ গোটৰ উদ্যোগত সহায় ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান ৰ সহযোগত এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয় শিৱসাগৰ জিলাৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত । ৰক্তদান সজাগতা শিবিৰত মূল বক্তা হিচাপে উপস্থিত থাকে আটাছু কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ ৷

ৰক্তদান আৰু সজাগতা শিবিৰ

লগতে উপস্থিত থাকে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা মিনু হাজৰিকা , নামতি আৰক্ষী থানাৰ আৰক্ষী বিষয়া দুলেন্দ্ৰ চেতিয়াৰ আৰু জয়সাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ কৰ্মচাৰী ৰাণী কোঁৱৰ ৷ ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ লগতে সমাজ আৰু পৰিৱেশ সুস্থিৰ হৈ থাকিবৰ বাবে প্ৰতিজন ৰক্তদাতাকে বিতৰণ কৰা হয় একোটাকৈ গছ পুলি ।

ABOUT THE AUTHOR

...view details