অসম

assam

By

Published : Jun 24, 2022, 9:01 PM IST

ETV Bharat / state

শিৱসাগৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মানৱ শৃংখল কাযসুচী

শুকুৰবাৰে মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত সংগঠনটোৱে দহদফীয়া দাবীৰ সমৰ্থনত মানৱ শৃংখল কাযসুচী ৰূপায়ণ কৰে (Matak community demands for ST status) ৷ যেতিয়ালৈ মটক সকলক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে এই সংগ্ৰাম অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদীকাৰীসকলে ।

All Assam Matak Youth Student Association protest in Sivasagar
শিৱসাগৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মানৱ শৃংখল কাযসুচী

শিৱসাগৰ, 24 জুন:অসমৰ অন্যতম মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী দীৰ্ঘদিনীয়া । বছৰ বছৰ ধৰি জনগোষ্ঠীটোৱে জনজাতিকৰণ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । বিভিন্ন চৰকাৰে জনগোষ্ঠীটোক প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰতিখন চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ জনগোষ্ঠীটোৰ । ফলত জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি (All Assam Matak Youth Student Association) বিভিন্ন সংগঠনে ৰাজ্যজুৰি সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

শুকুৰবাৰে মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত সংগঠনটোৱে দহদফীয়া দাবীৰ সমৰ্থনত মানৱ শৃংখল কাযসুচী ৰূপায়ণ কৰে (All Assam Matak Youth Student Association protest in Sivasagar) । " আমাক এচ. টি প্ৰদান কৰক", " আমাক আমাৰ ন্যায্য প্ৰদান কৰক" ইত্যাদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলী উত্তাল কৰি অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ তালিকাত অন্তৰ্ভূক্ত কৰি সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে (Matak community demands for ST status) ।

শিৱসাগৰত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মানৱ শৃংখল কাযসুচী

লগতে শান্তি আলোচনাৰ জৰিয়তে আলফা সমস্যাৰ ৰাজনৈতিকভাৱে স্থায়ী সমাধান কৰা, অতি শীঘ্ৰে মটক স্বায়ত্ব শাসিত পৰিষদলৈ পৰ্যাপ্ত পুজি আবন্টন দিয়া, মটক জনগোষ্ঠীৰ উন্নয়নৰ বিশেষ শিতানত ঘোষিত ১২৫ কোটি টকা সোনকালে মোকলাই দিয়া, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰা, শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ বাট পথ তৎকালে মেৰামতি কৰা, জিলাখনৰ বিভিন্ন অঞ্চলৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, ঐতিহাসিক মটক জনগোষ্ঠীৰ কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা কৰা, নিবনুৱা সমস্যাৰ স্থায়ী সমাধান কৰাৰ লগতে শিৱসাগৰ জিলাত তেল আৰু প্ৰাকৃতিক গেছ নিগমত ১০০% থলুৱা নিবনুৱাক নিযুক্তি প্ৰদানৰ দাবীও উত্থাপন কৰে মটক যুব ছাত্ৰ সন্মিলনে ।

ইফালে যেতিয়ালৈ মটক সকলক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে এই সংগ্ৰাম অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদীকাৰীসকলে । জনজাতিকৰণৰ নামত ৰাজনীতি বন্ধ কৰিবলৈও আহ্বান জনাই সংগঠনটোৱে ।

লগতে পঢ়ক:Maharashtra Political Crisis : ৰেডিশ্বন ব্লুলৈ আৰু এগৰাকী বিসম্বাদী বিধায়কৰ আগমণ

ABOUT THE AUTHOR

...view details