আমগুৰি,১৩ জানুৱাৰী :ৰাজ্যবাসী ভোগালীক আদৰাত ব্যস্ত (Bhogali bihu preparation)। তাৰ মাজতে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ । অখিল গগৈৰ মতে আহোম লোকসকলক বিজেপি চৰকাৰে ভাল নাপায় (Akhil Gogoi slams BJP govt)। জনজাতিকৰণৰ বিষয়টোত কোনো মীমাংসা দিব পৰা নাই বুলিও বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে নেতাগৰাকী । আমগুৰিৰ দেওধাই গাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে নেতাগৰাকীয়ে ।
উল্লেখ্য যে টাই আহোমসকলৰ বিভিন্ন সমল সংৰক্ষণৰ এক পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Preserving various content of Tai Ahoms)। শিৱসাগৰৰ ৰুদ্ৰসিংহ উদ্যানত ইতিমধ্যে সংগ্ৰহালয় নিৰ্মাণৰো নিজাববীয়াকৈ প্ৰচেষ্টা লৈছে বিধায়কগৰাকীয়ে । যাৰ বাবে তেওঁ টাই ভাষাৰ পৌৰাণিক পুথি-পাঁজি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে । সেই সূত্ৰে তেওঁ বৃহস্পতিবাৰে দেওধাই গাঁৱত উপস্থিত হয় । এঘৰত থকা পৌৰাণিক টাই ভাষাৰ পুথিসমূহ তেওঁ পৰ্যবেক্ষণ কৰে ।
বিধায়কগৰাকীয়ে প্ৰদীপ ফুকনৰ বাসগৃহত উপস্থিত হৈ কাঠৰ বাকচত অসংৰক্ষিত অৱস্থাত থকা আহোমৰ পৌৰাণিক পুথি-পাঁজিবিলাক অধ্যয়ন কৰে (Akhil Gogoi studied mythological books of Ahom)। দেওধাই গাঁৱৰ টাই পণ্ডিত পদ্ম চাংবুন ফুকন, টাই আহোম যুৱ পৰিষদৰ মৃদুল বাইলুং ফুকন, নৃপেন গগৈও বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে । লগতে সেইবোৰ সংৰক্ষণৰো ইচ্ছা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।