থাওৰা, 9 অক্টোবৰ :মৰিয়নীৰ পৰা থাওৰালৈ গৈ শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ডিমৌ প্ৰেছ ক্লাৱত এখনি সংবাদমেল সম্বোধন কৰে । অখিল গগৈয়ে কয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে, অসমৰ বিভিন্ন ঠাইৰ লগতে থাওৰাৰ মহিলা সকলকো মাইক্ৰফাইনেন্সৰ ঋণ এটকাও দিব নালাগে বুলি ঘোষণা কৰিছিল।
মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গগৈয়ে কয়, সেই মিছলীয়া জনে এতিয়া কেনেকৈ থাওৰাত আহি ২০ খন গাওঁ পঞ্চায়তত ১০ খন মিটিং কৰিব । অৰুণোদয় আঁচনিৰ ধন মাহিলী ৩০০০টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল ? বৃদ্ধি হোৱাটো বাদেই নিৰ্বাচনৰ পিচত অৰুণোদয় আঁচনিৰ এটকাও ধন মহিলা সকলে নাপালে ৷ সংবাদমেলত অখিলে কয়, কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য অথবা কংগ্ৰেছৰ মতে কাম নকৰে ৰাইজৰ দলে ।
সুশান্তৰ ৰাজনৈতিক মৃত্যুৰ সময়ৰ ভৱিষ্যতবাণী কৰিলে অখিলে ইয়াৰ লগতে, সুশান্ত বৰগোহাঁই সন্দৰ্ভতো তীক্ষ্ণ মন্তব্য প্ৰকাশ কৰি তেওঁ কয়, এই উপ-নিৰ্বাচনতে সুশান্ত বৰগোহাঁইৰ ৰাজনৈতিক ভাৱে মৃত্যু হ'ব । মৃত্যুৰ আগত মানুহে কিবা-কিবি বকেই । সুশান্ত কম পানীত ছটফটাই থকা মাছ, মৃত্যুৰ ক্ষণ গণিছে । ২০ দিনৰ পিছত সুশান্ত বৰগোহাঁই অসমৰ ৰাজনীতিত অপ্ৰাসঙ্গিক হৈ পৰিব ।
ইয়াৰোপৰি গগৈয়ে কয়, ৰাইজৰ দল বৰ্তমান সময়ত অসমৰ একমাত্ৰ শক্তিশালী বিৰোধী দল । ৰাইজৰ দল কিমান দিন জীয়াই থাকিব সুশান্ত বৰগোহাঁইয়ে চাৰ্টিফিকেট দিব নালাগে । অখিল গগৈয়ে কয়, সুশান্ত বৰগোহাঁই দুবাৰকৈ বিধায়ক হ'ল, কিন্তু এজনো বিদেশী নথকা থাওৰা সমষ্টিত খিলঞ্জীয়া ভূমিহীনক মাটিৰ পট্টা দিব নোৱাৰিলে । তেওঁ ঠিকেই কৈছে ধৈৰ্য্য কোঁৱৰৰ নিজৰেই মাটিৰ পট্টা নাই । সেয়া কংগ্ৰেছ আৰু বিজেপি চৰকাৰ আৰু দুবাৰকৈ বিধায়ক হোৱা সুশান্তৰেই ব্যৰ্থতা নহয়নে বুলিও প্ৰশ্নৰ উত্থাপন কৰে গগৈয়ে ৷
লগতে পঢ়ক :অনলাইন শ্বপিঙে মাধমাৰ শোধাইছে থলুৱা বস্ত্ৰ ব্যৱসায়ীক