অসম

assam

By

Published : Mar 8, 2021, 5:47 PM IST

ETV Bharat / state

অখিল গগৈ নতুন অসমৰ স্বপ্ন !

শিৱসাগৰ সমষ্টিৰ বাবে ৰাইজৰ দলৰ হৈ অখিল গগৈৰ মাতৃক আগত লৈ ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বই শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ৷ কাৰাৰুদ্ধ পুত্ৰক অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাইজক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰাৰ বাবে আহ্বান জনায় অখিল গগৈৰ মাতৃয়ে ।

কাৰাৰুদ্ধ পুত্ৰৰ মনোনয়ন দিবলৈ শিৱসাগৰত উপস্থিত অখিলৰ মাতৃ
কাৰাৰুদ্ধ পুত্ৰৰ মনোনয়ন দিবলৈ শিৱসাগৰত উপস্থিত অখিলৰ মাতৃ

শিৱসাগৰ, 8 মাৰ্চঃ অৱশেষত সোমবাৰে শিৱসাগৰ জিলাৰ তিনি সমষ্টিৰ বাবে হাই প্ৰফাইল প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে । থাওৰাৰ কুশল দুৱৰী আৰু আমগুৰিৰ অংকিতা দত্তৰ পাছত শিৱসাগৰ সমষ্টিৰ বাবে ৰাইজৰ দলৰ হৈ অখিল গগৈৰ মাতৃক আগত লৈ ৰাইজৰ দলৰ শীৰ্ষ নেতৃত্বই শিৱসাগৰ জিলা নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ৷ কাৰাৰুদ্ধ পুত্ৰক অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাইজক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰাৰ বাবে আহ্বান জনায় অখিল গগৈৰ মাতৃয়ে ।

অখিল গগৈ নতুন অসমৰ স্বপ্ন !

অখিল গগৈৰ মনোনয়ন দাখিলৰ সময়ত সোমবাৰে পুনৰ শিৱসাগৰত সজীৱ হৈ পৰে কা বিৰোধী পৰিৱেশ । অখিল গগৈৰ মনোনয়ন দাখিলৰ সময়ত আজি পুনৰ সজীৱ হৈ পৰিল কা বিৰোধী পৰিৱেশ। অখিল গগৈৰ সমৰ্থক সকলে কা আমি নামানো, বিজেপি মূৰ্দাবাদ, হিমন্ত হুচিয়াৰ, সৰ্বানন্দৰ কাম নাই আদি শ্লগানেৰে পৰিৱেশ উত্তাল হৈ পৰে ৷

আনহাতে সোমবাৰৰ দিনটোত আমগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা, থাওৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই আৰু শিৱসাগৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰূপা বড়ায়েও মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়কঃকলিয়াবৰত অগপ নেতা কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিল

ABOUT THE AUTHOR

...view details